পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৮৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সাধনা

বিবিধ পৰিচালনাৰে প্ৰত্যেকক একোখনকৈ তামোল যাচিলে, তামোলকেইখন সকলোৱে আগ্ৰহেৰে চোবালে। সুন্দৰ হাতৰ তামোল যেতিয়া তাত সোৱাদো বেছি। কাৰ্ত্তিকচন্দ্ৰইতো ক’বই নোৱৰা হ’ল, তেওঁ ক’ত আছে!

 শ্ৰীমতীৰ আগমনৰ পিচতে গদাধৰে এখন ৰূপৰ থালত কিছুমান চিগাৰেট সজাই আগত ধৰিছিল। এতিয়া তেওঁ তাৰে এটি মুখত দি লগাই ল’লে; কেই হোপামান মৰাৰ পিচত সকলোকে একোটাকৈ বিলাই দিলে আৰু জুইশলা মাৰি লগাই দিলে। এইবাৰ কাৰ্ত্তিকচন্দ্ৰ এনে উত্তেজিত হৈছিল যে জোকাৰত জুই চিগাৰেটত নালাগি নতুনকৈ ঠুঁটিওৱা গোঁফ কেইডালতে লাগিবলৈ ধৰিছিল। সি যি হওক, সকলোৰে হাঁহি আৰু শ্ৰীমতীৰ কটাক্ষ-মিহলি ভেঙুচালিৰ মাজত দ্বিতীয় বাৰৰ চেষ্টাত কাৰ্ত্তিকচন্দ্ৰৰ চিগাৰেটত জুই লাগিল।

 অলপ পিচতে ৰাজখোৱাই মাত লগালে, — “এতিয়া এটা গান গোৱা হওক; সম্মুখত মধুভাণ্ড লৈ কোনে উপবাস কৰে!”

 ইয়াৰ উত্তৰত শ্ৰীমতীয়ে এক অদ্ভুত ভঙ্গীৰে গাটো নচুৱাই ক’লে, — “ই-ই-স্!”

 এই ভঙ্গীতেই যে আটাইকেইজনৰ হৃৎপিণ্ড কঁপি গল! গকুলচন্দ্ৰ আগৰ ঠাইৰ পৰা হুঁহকি আহি, শ্ৰীমতীৰ গাত গা লগাই বহিল। শ্ৰীমতীয়ে আকৌ আগৰ দৰে গা-জোকাৰণি কেইটামান মাৰি উকীলৰ চকুলৈ কেৰাহিকৈ চাই গভীৰ ভাবে ক’লে, — “যাওক, মিছা আদৰে বুকু নুজুৰায়।”

 উকীল আৰু ওচৰ চাপি শ্ৰীমতীৰ কান্ধত হাতখন থ’লে আৰু শ্ৰীমতীয়েও পূৰ্ব্বৱৎ অঙ্গ-ভঙ্গীৰে অভিমান সূচনা কৰিলে।

 তাৰ পিচত সকলোৰে অনুৰোধ ৰক্ষা কৰি শ্ৰীমতীয়ে হাৰ্ম্মোনিয়মটো চপাই ল’লে, ওস্তাদে বেহেলাৰ কাণ মুচৰিবলৈ লাগিল। সুৰ বন্ধা

— ৮২ —