পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পানীৰামৰ পৰিয়াল

আৰু তাৰ মাহচেৰেকৰ পিচতে তেৱোঁ পেন্সন লয়। আজি কালি তেওঁ প্ৰায়ে পামত থাকে, কেতিয়াবাহে দুই এদিন ঘাই ঘৰত থাকেহি।

 পাঠক! এই এডৰা পাতনিৰ পিচত বোধকৰোঁ আমাৰ ৰম্ভা আইদেউৰ লগত আপোনাক চিনাকি কৰি দিলে বেয়া নাপায়। ৰম্ভা শিক্ষিতা, ৰম্ভা যুৱতী আৰু ৰম্ভা স্বাধীনা ৰমণী। সেই দেখিয়েই যাৰে তাৰে লগত দেখা কৰিবলৈ, নাইবা কথা পাতিবলৈ তেওঁৰ আপত্তি নাই; মুঠেই আগন্তুকৰ সাজপাৰ আৰু মুখৰ গঢ় আভঁজা হব নালাগে, বয়সত বুঢ়া হব নালাগে। তাৰ লগতে যদি সেওঁতা-ফলা মূৰত জবাকুসুমৰ গোন্ধ থাকে, যদি উৰ্ম্মালে এচেন্সৰ স্পৰ্শ লাভ কৰে, যদি মুখত মিচিকিয়া হাঁহিয়ে বিৰাজ কৰে, তেনেহলেতো কথাই নাই, সোধ-পোছ নোহোৱাকৈ সোমাই যাব পাৰে। নহলেও বাহিৰৰ পৰা আলেখ লেখ চোৱাততো আৰু বাধা নাই। এতেকে আহক, এবাৰ তেওঁৰ গতি-গোত্ৰকে বুজি আহোঁ।

— ২৩ —