পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১০৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


দীনবন্ধু আহুকাল তেওঁৰ ঘৰলৈ ইমান মানুহ আহে যে তেওঁ ঘৰত থকা সময়ত একোকে কৰিব নােৱাৰে। যেতিয়াই তেওঁ ঘৰলৈ আহে, তেতিয়াই দেখে তেওঁৰ চ'ৰাত মানুহ আছেই। এই মানুহবিলাকৰ বেচি ভাগেই কলেজ এৰি আহি ঘৰত বহি থকা ডেকা আৰু কেইজনমান পৈতৃক সম্পত্তিৰ ওপৰত খাই সময় কটাবলৈ উপায় বিচৰা অল্পশিক্ষিত ডেকা-ডাঙৰীয়া। এওঁলােকৰ কেইজনমানৰ লগত দীনবন্ধুৰ আগেয়ে আলাপ-পৰিচয় পৰ্য্যন্ত নাছিল ; কিন্তু এতিয়া তেওঁলােকে দীনবন্ধুৰ ঘৰ খােৱা আৰু শােৱাৰ সময়তহে এৰে। সকলাে সময়তে তেওঁলােকৰ আলােচ্য বিষয় প্ৰভাৱতী ; লগে লগে চেক্রেটাৰী আৰু আন যি সকলৰ শুভাগমন হয় তেওঁলােকৰ বিষয়ে বিবিধ ৰসৰ বিবিধ কাহিনী। দীনবন্ধুৱে প্ৰথমতে এওঁলােকক সাদৰেৰে অভ্যর্থনা কৰিছিল; কিন্তু শেহত তেওঁলােকৰ মতিগতি দেখি তেওঁ অত্যন্ত বিৰক্ত হৈ উঠিল। এদিন তেওঁ স্পষ্টভাৱেই ক'লে,-“ডাঙৰীয়াসকল, আজি মই আপােনালােকক একেষাৰ কথা ক’ব লগাত পৰিলো ; আশা কৰে, তাৰ বাবে মােক খং কৰি বা গালি পাৰিয়েই ক্ষান্ত নহৈ আপােনালােকে অলপ গভীৰভাবে চিন্তা কৰি চাব। আপােনালােকৰ কাৰ্যৰ পৰা স্পষ্টকৈ বুজা গৈছে যে খােৱা আৰু শােৱাৰ বাহিৰে আপােনালােকৰ নিৰ্দিষ্ট কৰ্তব্য আৰু একো নাই ; সেই কাৰণেই বাকী সময়খিনি কটাবলৈ উপায় বিচাৰি ফুৰিব লগা হৈছে। নিৰ্মাৰ অন্তৰ পাপ চিন্তাৰে মলিন বুলি আপােনালােকে সদায় শুনি আহিছে। হয় নে নহয় ভাবি চাওক। ইমান দিনে আপােনালােকৰ মুখৰ পৰা পাপকাহিনী আৰু কুৎসিত পৰামৰ্শৰ বাহিৰে এটিমাননা পুণ্য কথা, সজ পৰামর্শ ওলাইছে নে? আপােনালােক যথেষ্ট সময় আছে, অথচ কৰিবলৈ কাম নাই। সেই সময় সজ কাৰ্য, স আলােচনাত নলগায় কিয় ? আজিকালি গাৱে-ভূয়ে কিমান