সমললৈ যাওক

পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধনা

হৃদয় আনন্দত আপ্লুত হ’ল, কিবা এক অবৰ্ণনীয় পুলকত গোটেই শৰীৰ কঁপি উঠিল। কিন্তু আকৌ সেই লোকালোক! তেওঁতো নুবুজিলে তেওঁক কি লাগে! আৰু আচৰিত এই গায়িকাই তেওঁৰ মনৰ কথা ঢুকি পালে কেনেকৈ? নহলে কেৱোঁ সেই একে অভাৱকেই অনুভৱ কৰিছেনেকি? যদি সেয়ে হয়, তেন্তে নিশ্চয় দীনবন্ধুৰ লগত তেওঁৰ মনৰ মিল আছে। আজি ইমান দিনে দীনবন্ধুৱে তেওঁৰ লগত মনে মনে মিলা কাকো পোৱা নাই; এই গায়িকা তেওঁৰ সেই অভাৱ পূৰ্ণ কৰিবলৈকে আহিছেনেকি? যি হওক, ইমান ওচৰত আছে যেতিয়া সোনকালে সকলো তত্ত্ব পোৱা যাব বুলি তেওঁ নিজৰ মনক প্ৰবোধ দিলে।

 দীনবন্ধুৱে এনেকৈ ভাবি থাকোতেই গঙ্গাই মাত লগালে; “দেউতা খাবৰ হ’ল, আহক।”

 দীনবন্ধু বহাৰ পৰা উঠি ভাত খাবলৈ সোমাল।

— ১২ —