পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৬১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ঈশ্বৰৰ ইচ্ছা ডাক্তৰৰ আগমন প্রতীক্ষা কৰিবলৈ ধৰিলে; কিন্তু ডাক্তৰ যি নায়ুেই, কাতিৰামাে নাহিল। ডাক্তৰ আহে কেনেকৈ ? কাতিৰামে ডাক্তৰ বিচাৰি যাওঁতে বাটতে মদৰ দোকান দেখি ভাবিলে,—“ডাক্তৰক পিচত টকা দিলেও হ’ব, এতিয়া ইয়াৰে মদ খাই লােৱা যাওক।” সেই মতেই কাম হ’ল, কাতিয়ে টকাকেইটা মদৰ দোকানত জমা দিলে। যিমানেই ৰাগী লাগি আহিবলৈ ধৰিলে, সিমানেই তাৰ উদ্দেশ্যৰ কথা পাহৰি যাবলৈ ধৰিলে, শেহত ডাক্তৰ বিচাৰি যােৱাৰ কথা মনতেই নপৰা হ'ল। ললিতাৰ শােকোচ্ছাস ক্রমশঃ বাঢ়িবলৈ ধৰিলে, কাতৰভাবে ক'লে,-“প্রভু দয়াময়, দুখুনীক দয়া কৰা প্ৰভু ; মাৰ ধন গ’ল, বস্তু গ’ল,—তাত সিমন বেজাৰ নাই। এই যে মাণিকটি দিছিল, তাৰ ওচৰত সেইবােৰ কুটাৰ নিচিনা। মই চুলি ছিঙি কাতৰ কৰি মাতিছে, মােৰ পােনাটিক ভাল কৰি দিয়া প্রভু। দুখুনীৰ একেটি মাথােন বুকৰ ৰতন কাঢ়ি নিনিবা দয়াময়।” কথাৰ লগে লগে ললিতা মুচ্ছা যাওঁ যাওঁ হ'ল, ধাৰাৰে চকু-লাে ব’বলৈ ধৰিলে। সন্ধ্যালৈকে বাট চাই ডাক্তৰ বা কাতিৰাম কাকো নহা দেখি বুঢ়ীয়ে আকৌ সেই গাৱঁৰ মানুহটোকে এজন ডাক্তৰ আনিবলৈ পঠিয়ালে। | এঘণ্টামান সময়ৰ মূৰত ডাক্তৰ আহিল। ৰােগীক পৰীক্ষা কৰি ডাক্তৰে মুখ কেঁাচাই পেলালে। তেওঁ ৰােগীক ভালকৈ সেঁকিবলৈ কৈ এটা ঔষধৰ ব্যৱস্থা দি গুচি গ'ল। ডাক্তৰে টকা লবলৈ সম্মত নহ'ল, সেই মানুহটোৱেই ব্যৱস্থামতে দৰব আনিলেগৈ। ডাক্তৰ যেতিয়া উভতি যায়, তেতিয়া দীনবন্ধুৱে তেওঁক বাটত লগ পালে। আগৰে পৰা দুয়ােৰে চিনাজনা আছিল, সেই দেখি দীনবন্ধুৱে