কোনো মতেই দীনবন্ধুৰ সম্মতি আনিব নোৱাৰি ঊষাৰ বাপেকে আন ঠাইত সম্বন্ধ পাতিবলৈ চেষ্টা কৰিবলৈ ধৰিলে; তেওঁৰ উদ্দেশ্য সফল নহ’ল। ঊষাৰ নিচিনা ছোৱালীৰ যে প্ৰাৰ্থীৰ অভাৱ আছিল এনে নহয়, কিন্তু ঊষা কাকো আত্মসমৰ্পণ কৰিবলৈ সাজু নহ’ল। এই দৰেই গ’ল তিনি বছৰ; কিন্তু তিনি বছৰৰ মূৰতো দীনবন্ধুৰ আপত্তি নগ’ল। সেই কথা উমাকান্তৰ লগত আলাপত প্ৰকাশ পাইছে৷ ঊষাৰ কিন্তু দৃঢ় প্ৰতিজ্ঞা যে তেওঁ দীনবন্ধুৰ বাহিৰে আন কাকো হৃদয় দান নকৰে, কিয়নো পিতাকে দীনবন্ধুৰ লগত বিবাহৰ প্ৰস্তাৱ কৰাৰ পৰাই তেৱোঁ মনে মনে দীনবন্ধুকেই আত্মসমৰ্পণ কৰি আহিছে৷ বাপেকে ইমান দিন ঊষাৰ ইচ্ছামতেই বাট চাইছিল। এতিয়া কিন্তু যেনে তেনে বিয়া দিবই লাগিব বুলি স্থিৰ কৰিলে। সম্প্ৰতি উজনীৰ কোনোবা বাগিচাৰ মেনেজাৰ এজনৰ পুতেকৰ লগত ঊষাৰ বিয়াৰ ঠিক হৈছে। ঊষাক এই বন্দৱস্তৰ কথা সমূলি জানিবলৈ দিয়া নাই। বিয়াৰ দিনৰ ওচৰা-উচৰিতে এইবাৰ ঊষাৰ ককাকৰ শ্ৰাদ্ধ পৰিছে। গতিকে গাখীৰ-গুৰ, তামোল-পাণ, ঘিউ-ময়দা, চাউল-পাত আদিৰ আয়োজন শ্ৰাদ্ধৰ নামত কৰি প্ৰকৃত কথা ঊষাৰ পৰা গোপনে ৰাখিছে। বাপেকৰ ইচ্ছা টেকেলি দিয়াৰ আগলৈকে ঊষাক একো জানিবলৈ নিদিয়ে। কিন্তু আয়োজনৰ গঢ় দেখি আৰু মাজে-সময়ে পিতাকহঁতৰ কথাৰ ভঙ্গী দেখি ঊষাই প্ৰকৃত কথা কিছু কিছু অনুমান নকৰাকৈ থকা নাই। অকল সেয়ে নহয়, ঘুনুক-ঘানাককৈ শুনিবলৈকো পাইছে। সেই কাৰণেই আজি তেওঁ এনে চিন্তাকুলা।
ঊষাৰ কথা শুনি বৌৱেকে ভাবিলে, হয়তো ঊষাই বিয়াৰ কথা জানিব পাৰিছে, আৰু তেওঁৰ মত নাই দেখিয়েই তেনে কথা কৈছে। তথাপি আচল কথা নকৈ সুধিলে,-“তুমি এইবোৰ কি কৈছা?”
উষা — কিয়, মোৰ কথা ইমান বুজিব নোৱৰা হ’ল নে? মই কৈছোঁ