পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কপট বন্ধু



 সেই দিনা দীনবন্ধুৰ ঘৰলৈ আহোঁতে দীনবন্ধুৱে শিৱক বৰকৈ ধমক দিলে, আৰু তেওঁৰ চিঠিবোৰ দেখুৱাই ক’লে,-“চোৱাঁ এইবোৰ কাৰ হাতৰ লিখা? এতিয়া এইবোৰ মোৰ হাতত। তুমি যদি এতিয়াও তোমাৰ পশুচৰিত্ৰ নেৰা, এতিয়াও নিৰ্দ্দোষ মানুহৰ ওপৰত অত্যাচাৰ কৰিবলৈ বিচাৰা, তেন্তে তোমাক আৰু ক্ষমা নকৰোঁ, পাপৰ জোখাই শান্তি দিবলৈ বাধ্য হ’ম। সাৱধান!”

—————

-২৭৯-