পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৪৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সাধনা গুচ“ইয়াৰ পৰা। লে আও, মদ লে আও! আহা! আড়নয়নে মুচকি হেসেজদি লে আও, মদ লে আও। কেয়া দিলখােচ । ৰাম ৰহিমৰ জুদা কৰাে ভাই, দিলকো সাচ্চা ৰাখ জী। আৰে দাৰু লে আও। বাইজী, বাইজী কাহা হয়? লেও চাকী লেও, ভৰপিয়ালা পিলাও দাৰু ফিন। হাঃ হাঃ হাঃ হাঃ! কেয়া তােফা ! শ্যালা নর্দমা, তই দিনত হলে আলিৰ দাতিত থাকিবি, আৰু ৰাতি হলে আলিৰ মাজত উঠিবি। পাঁজী কাহাকা! ভাগ যাও শ্যালালােক, ডেম, ইষ্টপিৎ” ইত্যাদি। | এই মানুহটো কাতিৰাম। দীনবন্ধুৱে ইয়াক আগে-পিচে দেখিছিল, আৰু চিনা-পৰিচয় আছিল। বাপেক জীয়াই থাকোতে তেওঁ যি কোনাে নতুন খেতি হলে নগৰীয়া ডাঙৰ মানুহত অলপ অলপ লগাইছিল ; দীনবন্ধুৱেও তাৰ ভাগ পাইছিল। ফেকেন্দাই থাকোতে কেতিয়াবা দীনবন্ধুও তেওঁৰ ঘৰলৈ গৈ খেতি-বাতিৰ ভু-ভা লৈছিল। ফেকেন্দাইৰ মৃত্যুৰ পিচতত দুই-এদিন দীনবন্ধুৱে কাতিৰামক সুপৰামর্শ দিছিল; কিন্তু যিদিনা তপেশ্বৰে তাক ৰায় বাহাদুৰ পাতিবলৈ নিয়ে, সেই দিনাৰ পৰা দীনবন্ধুৱে তাক লগ পােৱা নাছিল। ৰাজখােৱা প্রভৃতিয়ে ভাবিছিল দীনবন্ধুৱে পালে কাতিৰামক হাতত ৰখা টান হ’ব। সেই দেখি দীনবন্ধুৰ বিৰুদ্ধে বহুত কথা কৈ তাক দীনবন্ধুৰ পৰা আঁতৰি থাকিবলৈ উপদেশ দিছিল, আৰু এই কাৰ্য্য সাধনৰ নিমিত্তে তপেশ্বৰক ভালকৈ চকু ৰাখিবলৈ কৈছিল। | কাতিৰামে মদত ধৰাৰ কথা শুনি তাৰ বুজ লবলৈ দীনবন্ধু কাভিৰামৰ ঘৰলৈ গৈছিল, কিন্তু তাক লগ নাপালে ; মাকৰ লগত কিবাকিবি কথা পাতি গুচি আহিল। এই কথাৰ গম পাই, সেই দিনা তপেশ্বৰে কাতিৰামক সুধিলে, হয়নে বােলে দীনবন্ধু তােৰ ঘৰলৈ আহিছিল?