পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৮৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


নৱম অধ্যায় দীনবন্ধুৰ ভালপােৱা সেই দিন ৰাতি দীনবন্ধুৰ আৰু ঘৰলৈ অহা নহ’ল। প্রথমেই কানি খাই মৰিবলৈ ধৰা লৰাটোক চাবলৈ গ’ল। কেইবা বাৰৰ লােণ-পানী খােৱাৰ পিচত তাৰ বাতি আহিল আৰু কানিৰ এভাগ বাহিৰ ওলাল। দীনবন্ধুৱে তাক গােটেই নিশাটো খােজ কঢ়াই লৈ ফুৰাবলৈ সৰাবােক সময় ঠিক কৰি দি লাগতিয়াল উপদেশ দিলে। তাৰ পিচত ভয়ৰ বিশেষ কাৰণ একো নেদেখি তাক এৰি পগলাৰ ওচৰলৈ গ’ল। পগলাই তেতিয়া চিঞৰি চিঞৰি পুৰুষ-সূক্ত আওৰাই আছিল। দীনবন্ধুৱে পগলাৰ ওচৰ চাপি ক'লে,-“বেদৰ মন্ত এনেকৈ চিঞৰি গালে পাপ হয়, তাক সুৰ লগাই গাব লাগে।” পগলা-আপুনি তেন্তে এবাৰ সুৰটো শিকাই দিয়ক। দীন-এতিয়া বহুত ৰাতি হৈছে। ৰাত্ৰি-জাগৰণ শাস্ত্রমতে দোষৰ কথা। সেই কাৰণে এতিয়া আপুনি শােৱক। ৰাতিপুৱা ব্রহ্ম মুহুৰ্ততে শিকাই দিম। | পগলা তেতিয়া পাটীত পৰিল আৰু এখন্তেক মনে মনে থাকিল। দীনবন্ধুৱে অলপমান মধ্যম-নাৰায়ণ তেল মূৰত ভালকৈ ঘহি দিলে আৰু বিচনী এখন লৈ লাহে লাহে বিচিবলৈ ধৰিলে। এনেকৈ দুঘণ্টামান কৰাৰ পিচত পগলাৰ টোপনি আহিল। পগলাৰ টোপনি আহিলত চুবুৰীয়া মানুহ দুটামানক ৰখীয়া দি আকৌ কানি খােৱা লৰাটোৰ তালৈ গ'ল। গৈ দেখিলে লৰাহঁতে তেওঁ উপদেশ - ১৮১-