পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শ্ৰী-শিক্ষাশ্ৰম

 ৪। পুৱা আৰু শুবৰ সময়ত সকলোৱে ভগৱৎ-স্তোত্ৰ পাঠ কৰি ঈশ্বৰোপাসনা কৰিব লাগিব।

 ৫। ৰন্ধা-বঢ়া, হিচাপ ৰখা আদি কাম ছাত্ৰীৰ ভিতৰতে পাল পাতি কৰিব লাগিব।

 ৬। যিবিলাক সৰু ছোৱালী ছাত্ৰী ভাবে ইয়ালৈ আহিব তেওঁলোকে বিশেষ প্ৰয়োজন নহলে, অন্তত ঋতুকাল পৰ্য্য়ন্ত ঘৰলৈ যাব নোৱাৰিব, আৰু ইয়াৰ ভিতৰত তেওঁলোকৰ বিবাহ হ'ব নোৱাৰিব। ছোৱালী পঠিওৱাৰ লগে লগে অভিভাবকে এই বিষয়ে প্ৰতিশ্ৰুতি দিব লাগিব। তেওঁলোকে খৰচ-পাতি একো দিব নালাগে।

 ৭। যিবিলাক অনাথা বিধবাই জীৱিকাৰ নিমিত্তে এই আশ্ৰমত ঠাই বিচাৰে, তেওঁলোকৰ উপযুক্ত অভিভাবক নাথাকিলে সাধাৰণ ছাত্ৰীৰ নিয়মৰ তলতীয়া হ'ব।

 ৮। যিবিলাক বিধৰাৰ ডাঙৰ ল'ৰা-ছোৱালী আছে, আৰু যিবিলাক সধবা সেইবিলাকেও জীৱিকা অৰ্জ্জনৰ নিমিত্তে আৱশ্যক হলে ইয়াত তাঁত-শালৰ কাম কৰিব পাৰিব। তেওঁলোকে সকলো লাগতিয়াল সঁজুলি আশ্ৰমৰ পৰা পাব, আৰু কাপোৰ বেচা হ'লে লাভৰ এক তৃতীয়াংশ আশ্ৰমৰ ভঁৰালত জমা থৈ বাকীখিনি তেওঁলোকক দিয়া হ'ব।

 ৯। পূৰ্ণিমা আৰু সংক্ৰান্তিৰ দিনা আশ্ৰমৰ দৈনিক কাম বন্ধ থাকিব। সেই দিনা ধৰ্ম্ম, সমাজ আৰু তিৰোতাৰ কৰ্ত্তব্যৰ বিষয়ে আলোচনা হ’ব; ৰামায়ণ, মহাভাৰত আদি গ্ৰন্থ পাঠ হ’ব।

 ১০। আশ্ৰমত সম্প্ৰতিকে দুজনা শিক্ষয়িত্ৰী থাকিব। প্ৰধানা শিক্ষয়িত্ৰীয়েই স্থায়ী নিয়মৰ তলতীয়া হৈ আশ্ৰমৰ শিক্ষা আৰু ছাত্ৰীৰ তত্ত্বাৱধানৰ বাবে দায়ী থাকিব। তেওঁৰ হাতেদি ছাত্ৰীবিলাকে বাহিৰৰ মানুহৰ লগত চিঠি-পত্ৰৰ আদান-প্ৰদান কৰিব পাৰিব।

—৩৪৭—