পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩২২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সাধনা ধৰাধৰিকৈ কৰ্তব্যত আগ বাঢ়িব পাৰে, তালৈ মাথােন লক্ষ্য ৰাখিবা।। তােমাৰ শুভাকাক্ষী দানবন্ধু দীনবন্ধুৰ চিঠি পঢ়ি প্ৰভাৱতীৰ হৃদয় আনন্দেৰে আপ্লুত হ’লশৰীৰ কঁপি উঠিল, অঙ্গাবৰণ শিথিল হৈ পৰিল। চিঠিখন পুনঃ পুনঃ চুম্বন কৰি বহু কষ্টেৰে আত্ম-সংবৰণ কৰাৰ পিচত যি উত্তৰ লিখিলে সি এই,- শ্ৰীচৰণকমলেষু, আপােনা চিঠিয়ে মােলৈ যি স্বর্গীয় মন্দাকিনীৰ ধাৰা নমাই আনিলে, তাক প্ৰকাশ কৰিবলৈ ভাষা নাই। আজি অত দিন যি কথা শুনিবলৈ সাধনা কৰিছিলো, আজি তাকেই শুনিলো। এয়ে মােৰ স্বৰ্গ, এই কথাকে বুকুত বান্ধি মই হেজাৰ বিপদৰ মাজততা শান্তিৰে থাকিব পাৰিম। যদিও সংসাৰৰ কঁইটীয়া বাটত বুলোতে জীৱনৰ বহুত পৰিবৰ্ত্তন ঘটিছে, তথাপি আপােনাক লগ পােৱাৰ আগেয়ে কাকো প্রাণেৰে সৈতে ভালপােৱা নাছিলোঁ; আন কি, তেনে কোনােবা ওলাব বুলিও ভাবিব নােৱাৰিছিলোঁ। আপুনি মােৰ ভ্রান্তি দূৰ কৰিলে। এতিয়া আপুনিয়েই মােৰ সুখ-শান্তি, ধর্ম-কর্ম, আপুনিয়েই মােৰ উপাস্য দেৱতা। কত দিন সেই কথা কম কম বুলি ভাবিছিলো, কিন্তু ভয় লাগিল—জানােচা হিতে বিপৰীত হয়। জানােচা মােৰ কথা শুনি মােৰ চৰিত্ৰৰ ওপৰত আপােনাৰ সন্দেহ জন্মে। জানােচা সেই কথা কৈ আপােনাৰ পৰা পাই অহা মৰম-চেনেহাে হেৰুৱাও। সেই দেখি নীৰৱ সাধনাতেই দিন কটাবলৈ স্থিৰ কৰিছিলোঁ। তথাপি আপােনালৈ লিখা চিঠিত সেই ভাব এনেকৈ প্ৰকাশ হৈ পৰে যে বহুত দিন চাৰি পাঁচখন