পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৪১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
অপৰিচিতা

আজি এবছৰে একো স্থিৰ কৰিব নোৱাৰি ঘৰতে সোমাই আছিলোঁ। এইদৰে থাকোঁতেই আপোনাৰ “স্ত্ৰী-শিক্ষা আৰু জাতীয় আদৰ্শ” নামৰ প্ৰবন্ধটো মাহেকীয়া কাকত এখনত পঢ়িবলৈ পালোঁ; লগে লগে মোৰ সকলো পুৰণি ভাব-চিন্তা নতুন হৈ উঠিল। স্ত্ৰীশিক্ষাৰ আৱশ্যকতা আৰু জাতীয় আদৰ্শত তাৰ প্ৰচাৰৰ সম্পৰ্কে আপুনি যি কৈছে, তাৰ প্ৰত্যেকটো আখৰেই সত্য বুলি মোৰ প্ৰত্যয় জন্মিল। আপোনাৰ প্ৰৱন্ধ পঢ়ি মই যেন এক নতুন বল, নতুন উৎসাহ পালোঁ আৰু এবাৰ চেষ্টা কৰি চাওঁ বুলি ঘৰৰ পৰা বাহিৰ ওলালোঁ। আজি এসপ্তাহ হ’ল ইয়াতে ঘূৰি ফুৰিছোঁ; কিন্তু আজিলৈকে আশাৰ মুখ সমূলি দেখা নাই। শ্ৰীযুক্ত কমলচন্দ্ৰ ৰাজখোৱা, গকুলচন্দ্ৰ দাস প্ৰভৃতি কেইবাজনৰ ওচৰলৈ গৈ অলপো আশা নাপালোঁ। তেওঁলোকৰ সকলোৱেই ক’লে বোলে ইয়াৰ মানুহে এতিয়াও স্ত্ৰীশিক্ষাৰ মোল বুজা নাই, ইয়াত একো নহয়। তেওঁলোকে হেনো এই বিষয়ে আলোচনা কৰিবলৈ এবাৰ এখন সভাও আহ্বান কৰিছিল; কিন্তু মানুহ হেনো গোট নাখালে।

 আপুনি এই জিলাতে থাকে বুলি মই আগেয়ে নাজানিছিলোঁ, নহলে প্ৰথমেই আপোনাৰ উপদেশ লৈহে চেষ্টা কৰিলোঁহেঁতেন। কালি কেইবা ঠাইতো ঘূৰি হতাশ হৈ গাৱঁৰ মানুহৰ কেনে মত বুজিবৰ ইচ্ছাৰে ওচৰৰ গাওঁ এখনলৈ গৈছিলোঁ। তাতে প্ৰথম আপোনাৰ কথা শুনিলোঁ আৰু আপুনি এইখিনিতে থাকে বুলিও জানিব পাৰিলোঁ। তাৰ লগতে এইটোও শুনিলোঁ যে আপুনিয়েই হে ইয়াৰ ৰাইজৰ মুখপাত, আপোনাৰ মতেই সৰ্ব্বসাধাৰণৰ মত। সিবেলিও আপোনাক বাদ দিয়া দেখি হে ৰাইজ গোট নাখালে। এতিয়া মোৰ দৃঢ় বিশ্বাস হৈছে, আপুনি কাৰ্য্যটো হাতত ললেই সি সুসম্পন্ন হব; আপুনি যদি বিদ্যালয়ৰ আৱশ্যকতাৰ কথা সকলোকে বুজাই কয়, তেনেহলে নিশ্চয় সকলোৱে

— ৩৫ —