পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কপট বন্ধু

চিঠি পঢ়ি তেওঁৰ উদ্দেশ্য অসৎ বুলি মোৰ ধাৰণা হৈছিল। আন সময়ত হোৱা হ’লে মই তাৰ কোনো উত্তৰ নিদিলোহেঁতেন, কিন্তু তেতিয়া মোৰ মনত ইমান ভয় সোমাইছিল যে মই বুজিও নুবুজাৰ ভাও ধৰি লিখিলোঁ, —“আপুনি ধৰ্ম্মতঃ যিটো সঁচা বুলি জানে, তাক প্ৰমাণ কৰিবলৈ চেষ্টা কৰিলে আপোনাৰ কেতিয়াও বিপদ নহয়। মানুহে শত্ৰুতা কৰিলেও ঈশ্বৰে নিশ্চয় সাহায্য কৰিব আৰু প্ৰভাৱতী আপোনাৰ ওচৰত চিৰকাল কৃতজ্ঞতা-পাশত আৱদ্ধ থাকিব।”

 স্কুল-সম্পৰ্কে সকলো কথাৰ মীমাংসা হৈ যোৱাৰ পিচত তেওঁ কেইবাদিনো ৰন্ধা-বঢ়াৰ অসুবিধাৰ কথা কৈ মোৰ ইয়াত ভাত খাবলৈ বিচাৰিছিল, মই নানা কাৰণ দেখুৱাই দিব নোৱাৰোঁ বুলি কলো। তাৰ পিচত তেওঁ দিনৌ জঘন্য প্ৰস্তাৱ কৰিবলৈ ধৰিলে। মই ভয়ত অস্থিৰ হৈ পৰিছিলোঁ। আপুনি তেতিয়া ইয়াত থকা হলেও মই ইমান কাতৰ নহলোঁহেঁতেন। আপোনাৰ অনুপস্থিতিত বিপদ ঘটিলেও কোনোবাই সাহায্য কৰিব বুলি মই আশা কৰিব নোৱাৰিছিলোঁ। মই তেতিয়া ফাঁকি ফুকা দি কোনোমতে ৰক্ষা পাবলৈ যত্ন কৰিবলৈ ধৰিলোঁ, আপুনি কেতিয়া ঘূৰি আহিব, সেয়ে মাথোন মোৰ দিন-ৰাতি চিন্তা হবলৈ ধৰিলে। আপুনি নহালৈকে মোৰ মনত এদিনলৈকো শান্তি নাছিল; কেতিয়া কি বিপদ ঘটে, এই ভাবনাতে ভোক, টোপনি একো নোহোৱা হৈছিল। ঈশ্বৰৰ ইচ্ছত কোনো বিপদ নৌ ঘটোতেই আপুনি আহি পালে। আপুনি অহাত মোৰ ভাবনা অলপ পাতলিল, মনলৈ অলপ শান্তি আহিল, কিন্তু শিৱই মোক আমনি কৰিবলৈ এৰা নাই। সেইদিনা আপোনালৈ জলপান পঠিওৱা দেখি সি মোক নানা প্ৰকাৰ বিদ্ৰূপ কৰি চিঠি লিখিছিল, আৰু তাক খোজাঁতে ভাত নিদি আপোনালৈ নোখোজাকৈ জলপান পঠিওৱাৰ কাৰণ সুধিছিল। তাৰ পিচ দিনা

আকৌ উৰ্ম্মাল চাৰিখন কৰি দিব লাগে বুলি আৰু তাৰ নমুনা

-২৭৫-