সমললৈ যাওক

পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা

পাতিছিল। মই তেতিয়া সেইবোৰৰ বিষয়ে বিশেষ মন-কাণ দিয়া নাছিলোঁ। কেতিয়াবা কেতিয়াবা তেওঁ ঢাপৰ দাঁতিত থকা আম- গছজোপাত উঠি বহি থাকে; গছজোপাৰ সেইখিনিৰ পৰা মোৰ শোৱনি ঘৰৰ মজিয়া ভালকৈ দেখি। মাজে মাজে তেনে অৱস্থাতে তেওঁ সঁহাৰি লগায়, আৰু কিবাকিবি অঙ্গীভঙ্গী দেখুৱায়। এই দৰে প্ৰায় দুমাহ গ’ল; এনেতে তেওঁ এদিন মোৰ হাতত কিবা গানৰ কিতাপ থাকিলে পঠিয়াবলৈ অনুৰোধ কৰি এখন চিঠি লিখিলে। লগতে মোৰ ভাইটোৰ পঢ়া-শুনাৰ সম্পৰ্কে বহুত কথা লিখিছিল। আপুনি বোধ- কৰোঁ জানে মোৰ ভাইটো স্কুলত এওঁৰ তলতে পঢ়ে। মই যদিও শিৱলৈ চিঠি লিখিবলৈ আহুকাল বোধ কৰিছিলোঁ, তথাপি লৰাটোৰ কথাও তাত থকাৰ বাবে, তাৰ ওপৰত বিশেষভাবে চকু ৰাখিবলৈ তেওঁক অনুৰোধ কৰি উত্তৰ লিখিলোঁ আৰু লগতে গানৰ কিতাপ এখনো পঠিয়াই দিলোঁ। এয়ে আমাৰ চিঠি লিখাৰ আৰম্ভণ। তেতিয়াৰে পৰা মাজে মাজে তেওঁ চিঠি দি থাকিবলৈ ধৰিলে—কেতিয়াবা চকোৱাৰ ফুটাই দি সৰকাই আৰু কেতিয়াবা ভাইটোৰ হাতত। ময়ো তাৰ উত্তৰ দিছিলোঁ, আৰু তেনেকৈয়ে ঘনিষ্ঠতা বহুতো বাঢ়িছিল। কিন্তু স্কুলৰ সম্পৰ্কে আলোচনাৰ ঢৌ উঠাৰ আগলৈকে চিঠি-পত্ৰ সম্পূৰ্ণ নিৰ্দ্দোষ ভাবেই চলিছিল, ভাইটোৰ পঢ়া-শুনা ফুৰা-চকা ইত্যাদি কথাই এইবোৰ চিঠিৰ ঘাই বিষয় আছিল। যেতিয়া স্কুলৰ আৰু আমাৰ বিষয়ে আলোচনা কৰিবলৈ আন্দোলন হয়, ঠিক সেই সময়তে তেওঁ এখন চিঠিত এনেকৈ লিখিছিল,—“দীনবন্ধুকে আদি কৰি সকলো তোমাৰ শত্ৰু; তেওঁলোকে মোক তোমাৰ বিৰুদ্ধে সাক্ষী হবলৈ টানি ধৰিছে। তেওঁ- লোকৰ কথা শুনিলে যে মোৰ বিপদ ঘটিব, তাত সন্দেহ নাই। ইমানতো যদি তুমি মোক উপযুক্ত পুৰস্কাৰ দিবলৈ প্ৰতিজ্ঞা কৰা,

তেনেহলে মই সেই বিপদৰ মূৰ পাতি লবলৈ সাজু আছোঁ।” শিৱৰ

-২৭৪-