পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধনা

কৰি লৈ স্ফূৰ্তি কৰি থাকিব নোৱাৰোঁ৷ সি মোলৈ সুখ নহৈ যমৰ যাতনাহে হ’ব।

 মোমাই — তোতকৈ বহুত ধনী মানুহ আছে, সিহঁতে খৰচ নকৰে কিয়?

 দীন — কৈছোঁ নহয়, সকলোৱে একেদৰে চলি সুখ নাপায়; সিহঁতে যেনেকৈ চলি সুখ পায় তেনেকৈ চলিছে; ময়ো যেনেকৈ চলি সুখী হও তেনেকৈ চলিম।

 মোমাই — আৰু এই যে লৰাবোৰ পঢ়াইছ, সিহঁত তোৰ কি হয়? বামুণ সজ্জনৰ লৰা পঢ়ালিহেঁতেন যদি পুণ্য হ’লহেঁতেন; পিচে মই দেখিছোঁ তেনে লৰা দুই এটাহে আছে। বাকীবোৰ নীহ কুলীয়া লৰা। আন নালাগে, টানে-আপদে সিহঁতৰ হাতে পানী এটোপাও খাব নোৱাৰি। ইহঁতক পঢ়াৱাৰ পৰা মই দেখিছোঁ লাভ নহৈ লোকচানহে হ’ব।’ দুটামানে শিকি-বুজি ডাঙৰ মানুহ হ’লে তেতিয়া আমাক নমনাতেই পৰিব। এতিয়া সিহঁতক ছুলে গা ধোওঁ, তেতিয়া ৰান্ধনি হ’বলৈ আহিব। ইফালে কাম-বন কৰাবলৈকো মানুহ নাইকিয়া হ’ব।

 দীন — মোমাইদেউ, ঈশ্বৰে কাৰ কপালত নীহকুলীয়া বুলি ছাব মাৰি দিয়া নাই। মানুহে যেনে কাম কৰে তেনে ফল পায়। ইহঁতে যদি ভাল কাম কৰে, ইহঁতৰ কুলো ভাল হৈ পৰিব। আকৌ ইহঁতে যদি শিক্ষা পাই নিজৰ সমাজক নিজৰ ভৰিৰ ওপৰত থিয় হ’বলৈ শিকায়, সি মঙ্গলৰ কথা। মই এই লৰাবোৰক সাহায্য কৰোতে জাত-কুল বিচৰা নাই, অৱস্থাৰ মাথোন বিচাৰ কৰিছোঁ; বামুণ-সজ্জনৰ অৱস্থা ভাল, সেই দেখিহে তেনে লৰাৰ সংখ্যা কম দেখিছে।

 মোমাই — হৈছে, হৈছে, আৰু ক’ব নালাগে। তোৰ লগত কত দিন এইবোৰ কথা লৈ তৰ্ক কৰিছোঁ, তথাপি তোৰ বলিয়ালি নগ’ল ।

— ২০৬ —