পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা

 উকীল—নধৰিব পাৰে; কাৰণ তুমি বোধকৰোঁ দীনবন্ধুৰ প্ৰেমত পৰিছা; সেই দেখি ওলাই থকা কথাও নেদেখা হৈছা। কিন্তু আমি প্ৰমাণ পোৱা কথা মিছা বুলিম কেনেকৈ?

 উকীলৰ কথা শুনি প্ৰভাই একো নামাতিলে; তেওঁৰ মনত নানা চিন্তা হবলৈ ধৰিলে। সঁচাকৈয়ে দীনবন্ধুৱে এনে কাম কৰিছে নে? চিঠিত তেওঁ যেনে উপদেশ দিছে, তেনে ভাবেই সকলো কথা তেওঁক ভাঙি কোৱা হে উচিত আছিল। যদি তেওঁৰ মনত কিবা সন্দেহ জন্মিছিল, তেনেহলেও সেই সন্দেহৰ কথা স্পষ্টকৈ কৈ তেওঁৰ মতামত প্ৰকাশ কৰা হ'লে হে প্ৰকৃত বন্ধুৰ কাম হলহেঁতেন। তাকে নকৰি তেওঁ এনে নীচ উপায় অৱবলম্বন কৰিছে কিয়? প্ৰভাই কোনটো সঁচা, কোনটো মিছা একোকে স্থিৰ কৰিব নোৱাৰিলে।

 প্ৰভাৰ ঘৰৰ পৰা গৈ উকীলে মহেশ আৰু লক্ষ্মীকান্তৰ লগত কিবা পৰামৰ্শ কৰিলে।

 সেইদিনা মহেশ আৰু লক্ষ্মীকান্তৰ লগতে প্ৰভাৰ সেই একে বিষয়ৰ আলোচনা হ’ল। দুয়োজনে উকীলৰ কথা সম্পূৰ্ণ সমৰ্থন কৰিলে। লগে লগে এনে কিছুমান কথা সাজি-পাৰি প্ৰভাক শুনালে যে প্ৰভাই তেওঁলোকৰ কথা কিছু পৰিমাণে বিশ্বাস নকৰাকৈ থাকিব নোৱাৰিলে। দীনবন্ধুৰ ওপৰত প্ৰভাৰ এটা অভিমান হ’ল; তেওঁ দীনবন্ধুক কিছু টান কথা শুনাই এখন চিঠি লিখিবলৈ ঠিক কৰিলে; কিন্তু মহেশ আৰু লক্ষ্মীকান্তই তেওঁক তেনে কৰিবলৈ মানা কৰিলে। তেওঁলোকে ক'লে যে দীনবন্ধুৰ ষড়যন্ত্ৰৰ কথা প্ৰভাই গম নোপোৱাৰ ভাও ধৰি মনে মনে থকাই ভাল; ধৰা-পৰা যেন দেখিলে দীনবন্ধুৱে হয়তো এনে কিবা ভীষণ উপায় অৱলম্বন কৰিব যে তেতিয়া কাৰো নিস্তাৰৰ উপায় নাথাকিব। মহেশ আৰু লক্ষ্মীকান্তৰ উপদেশ শুনি প্ৰভাই দীনবন্ধুলৈ কোনো চিঠিপত্ৰ নিলিখাকে স্থিৰ কৰিলে।

-১১০-