পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
সাধনা

থকা গছ এজোপাৰ তলত শিল এটাৰ ওপৰত বহিল। তেতিয়া নৈৰ পৰা মৃদু মধুৰ সুশীতল বতাহ একো ছাটি আহি তেওঁৰ শৰীৰ শীতল কৰিলে, শৰীৰৰ ক্লান্তি অৱসাদ ক্ৰমশঃ আঁতৰি গ’ল। তেওঁ তাতে বহি বহুত বেলিলৈকে নদীৰ আৰু তাৰ আশে-পাশে থকা প্ৰাকৃতিক দৃশ্যাৱলীৰ সৌন্দৰ্য্য নিৰীক্ষণ কৰিবলৈ লাগিল। বোধকৰোঁ তেতিয়া তেওঁৰ মনত কিবা কবিতাৰ ঝঙ্কাৰ উঠিছিল।

 এনেকৈ বহি থাকোঁতেই বেলি পৰিবৰ হ’ল, তেওঁ পশ্চিমলৈ চকু ঘূৰালে। তেতিয়া বিশ্বখনিকৰৰ মায়া-বাজিৰ মাজেদি প্ৰকৃতি দেৱীয়ে ৰূপ সলাইছিল, সূৰ্য্যদেৱ নিজৰ তাপত নিজে দগ্ধ হৈ ব্ৰহ্মপুত্ৰত স্নান কৰি দেহা শীতলাবলৈ নামি গৈছিল, প্ৰকৃতি দেৱীয়েও হাঁহি মুখেৰে তেওঁক বিদায়-সম্ভাষণ জনাইছিল। সেই হাঁহিৰ ৰহৰ সানি নীল আকাশ হেঙুলীয়া হৈ উঠিছিল, লুইতৰ বিশাল বুকু ৰঙচুৱা ঢৌৰ ৰং-ধেমালিত আন্দোলিত হৈছিল, পাৰৰ পাদপশ্ৰেণী আৰু নতোন্নত পৰ্ব্বত-মালা সেই কপিল কিৰণেৰে উদ্ভাসিত হৈ উজ্জ্বল সৌন্দৰ্যৰ আকৰ হৈ উঠিছিল। পানীৰ মাজত শিহুৱে আৰু পাৰৰ ওচৰত সৰু সৰু মাছে সাঁতুৰি সাঁতুৰি আনন্দ-উৎসৱত আপোন-পাহৰা হৈছিল, দুই চাৰি জন ডেকাই নাও খেলাইছিল, বহুতো বনুৱা মানুহে এডিঙি পানীলৈকে নামি গা ধুই দিনটোৰ দুখ-ভাগৰৰ পিচত শান্তি লাভ কৰিছিল। ঘাটত বহুতো আমোলা আৰু ছাত্ৰ গোট খাই কথা পাতিছিল, কোনো কোনোৱে গা ঘেলাইছিল। পৰ্ব্বতৰ দাঁতিৰ শিল এটাৰ আঁৰৰ পৰা সুমধুৰ সঙ্গীত উঠিছিল।

 অকলৈ ফুৰাটোৱেই দীনবন্ধুৰ স্বভাৱ; সেই কাৰণেই নৈৰ দাঁতিত বহিলেও তেওঁ ঘাটত নবহি যলৈ মানুহৰ সমাগম কম তেনে ঠাই বিচাৰি লয়। আজিও তেওঁ যিটো শিলত বহিছে সি ঘাটৰ পৰা কিছু আঁতৰত। আজৰি পোৱা দিনত পুৱা আৰু সন্ধ্যা সময়ত তেওঁ এই শিলটোত বহি

— ২ —