পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৫৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কবিৰ প্রেম কবিতাটো শেষ হ’লত দীনবন্ধুৱে বহিখন জপাই ঢুৱাৰত সুমুৱাই বন্ধ কৰি থ'লে। | দীনবন্ধুৰ কবিতা পঢ়িলে তেওঁক প্ৰভাৰ প্ৰেমত পৰা যেন লাগে, কিন্তু ইনাে আকৌ কেনেকুৱা প্ৰেম । তেওঁ প্ৰভাৱতীৰ লগত সাক্ষাৎ কৰিবলৈকো অনিচ্ছুক, প্ৰভাৱতীক ঘূণাক্ষৰেও তেনে কথাৰ সঙ্কেত দিয়া। নাই ; কাৰৰ লগত কোনো আলাপত তেওঁ কোনাে প্ৰকাৰৰ প্ৰেমৰ কথাৰ অৱতাৰণা কৰা নাই। আকৌ পাটীত পৰি ছটফটকৈ তেওঁ সময় কটাৱাে নাই ; প্রেম-পত্র লিখা নাই ; কালৈকা প্রণয়জ্ঞাপক উপহাৰ পঠিওবা নাই, হা-হুমুনিয়াহ কাঢ়ি বতাহ বিষাক্ত কৰা নাই। মানুহে কয়—প্ৰেমত পৰিলে তাত কৃতকাৰ্য্য নহয় মানে নায়ক-নায়িকাৰ শৰীৰ-মন অৱসন্ন হৈ পৰে, কৰ্তব্যত ত্রুটী ঘটে, কল্পনাত উৰি ফুৰে, আলাপ-প্রলাপত প্ৰেমৰ কথা শুনিবলৈ ভাল পায়, কেতিয়া কেনেকৈ সাক্ষাৎ হ'ব তাৰ চিন্তাতেই দিন কটায়। কিন্তু ক’তা। দীনবন্ধুৰ কাৰ্যততত তেনে কোনাে চিন দেখা নাযায়। তেনেহলে তেওঁৰ প্ৰেমৰ অনুমানটো মিছা নেকি ? কিন্তু কবিতা। কবিতাবােৰ যে তেওঁৰ অন্তৰৰ পৰা উঠা প্ৰেমৰ বুদু, তাতত কোনাে সন্দেহ নাই। সেইবােৰৰ লক্ষ্য কি । তেওঁৰ প্রণয়িণী কোন? প্ৰভাৱতী নে মানস-প্রতিমা ? কত সুন্দৰীৰ অযাচিত প্রেম, কত ডাঙৰীয়াৰ আকুল অনুৰােধ তেওঁ উপেক্ষা কৰিছে, তাৰ সীমা নাই। তেন্তে এতিয়া হঠাৎ প্ৰেমত পৰাৰ কাৰণ কি! বহুতে কয় দীনবন্ধুৱে প্ৰেমৰ মােলকে বুজা নাই, কিন্তু জীৱ-সেৱাই যাৰ জীৱনৰ ব্ৰত, সেই দীনবন্ধু যদি প্রেমিক নহয়, প্রেমিকননা কোন? অৱশ্যে আনৰ প্ৰেমত যি এটা ঐহিক স্বার্থ জড়িত দেখা যায়, দীনবন্ধুৰ প্ৰেমত তাৰ অভাৱ। সি যি হওক, দীনবন্ধু সঁচাকৈয়ে প্ৰভাৱতীৰ প্ৰেমত পৰিছে নে নাই, কবিতা পঢ়ি সন্দেহ কৰাৰ বাহিৰে তাক জানিবৰ আন কোনাে উপায় নাই। - -