পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সাধনা

কৰিলোঁ বুজিব পাৰিলোঁ; গােটেই শৰীৰ জোকাৰি এটা কঁপনি উঠিল। এবাৰ ভাবিলোঁ,—উলটি আহোঁ ; আকৌ ভাবিলোঁ,— গলোঁৱেই যেতিয়া, আপােনাক সাক্ষাৎ কৰি অহাই কৰ্ত্তব্য। তাৰ পিচত কি হ’ল কি কৰিলোঁ, সকলো আপুনিয়েই জানে। যদিও সকলাে কথা আপােনাৰ চৰণত নিবেদন কৰিবলৈ মােৰ প্রবল আগ্রহ জন্মিছিল, তথাপি বিশেষ যত্ন কৰিও মুখ ফুটাই একোকে ক’ব নােৱাৰিলোঁ। আপুনি মােক বিশ্বাস কৰক, মই কোনাে অসৎ অভিপ্রায় লৈ আপােনাৰ ওচৰলৈ যােৱা নাছিলোঁ।

 সি যি হওক, তেনেকৈ যােৱাৰ পৰা মােৰ বিশেষ লাভ হ’ল। মই ইমান দিনেও আপােক ভালকৈ চিনা নাছিলোঁ, কালি চিনিলোঁ। পদে পদে পুৰুষৰ দুশ্চৰিত্ৰতা আৰু অত্যাচাৰৰ খুন্দা সহিব লগা হােৱাত, মােৰ কল্পনাৰ আদর্শ পুৰুষজনকে প্রকৃত উচ্চাসনত স্থাপন কৰি চাব নাজানি বহুত তলত পেলাই থৈছিলোঁ। কালিহে বুজিলোঁ, আপুনি কি মহান। কিমান উচ্চ ! মােৰ কল্পনাৰ মায়াপুৰী আপােনাৰ সেই শুভ্র চৰণ-যুগলৰ কিমান তলত! কালি বুজিলোঁ আপােনাৰ প্ৰেমৰ মহিমা। সি যে গঙ্গা জলৰ দৰে পৱিত্ৰ, মহাসাগৰৰ দৰে অগাধ, হিমাচল-সদৃশ অচল অটল। আপােনাৰ প্রেম স্বর্গীয় পাৰিজাত, পার্থিব মানুহে তাৰ গন্ধ অনুভৱ কৰা অসম্ভৱ ; সেই কাৰণেই কালিলৈকে মই তাক কল্পনা কৰিব পৰা নাছিলোঁ। মােৰ কল্পনাই প্ৰেমৰ স্নিগ্ধ, শুভ্র, দিগন্তপ্ৰসাৰী বিৰাট মূৰ্ত্তিক বাসনাৰ ৰক্তিম ৰাগেৰে চিত্রিত কৰি লৈছিল। আপুনি মােৰ গুৰু, আপুনিয়েই মােৰ ভুল শুধৰাই দিলে। নিৰ্জ্জন গৃহত অন্ধকাৰ ৰাতি, প্রণয়িণীৰ কথাই নকওঁ, কোনাে যুৱতীৰ প্রতি কোনাে যুৱকে আপুনি কৰাৰ দৰে ব্যৱহাৰ কৰিব পাৰে বুলি বিশ্বাস কৰোঁতাও কিজানি আজি দুৰ্ল্লভ হ’ব—ময়ে আগেয়ে বিশ্বাস নকৰিলোঁহেঁতেন। কালি আপােনাৰ প্রকৃত ৰূপ দেখা পােৱাত কালি

-৩৩২-