পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১১৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সাধনা উকীল-তেওঁ কৈছে উদঙীয়া গৰুৰ স্বাধীনতাৰ নিচিনা স্ত্রী- স্বাধীনতাৰ বাবে বিলাতত জাৰজাম থাকিব লগা হৈছে; কিন্তু সেইটো মিছ। আমাৰ দেশত তেনে স্বাধীনতা নােহােৱাতাে জাৰজ নােহাৱাকৈ আছে নে ? ইফালে যে আমাৰ দেশত প্রাণহত্যা বেচিকৈ হয়, সেইটো হিচাব কৰকচোন। তেতিয়া হে ধৰা পৰিব ব্যাভিচাৰ ক’ত বেচি। আকৌ বিলাতত যুৱক-যুৱতীৰ নিৰ্বাচন-মতে বিয়া হােৱাৰ পৰা এৰাএৰি হয় বুলিছে ; কিন্তু আমাৰ দেশত অভিভাবক বাছনিমতে বিয়া হৈও বহুতৰ ঘৰ গুচি বাঁহত হৈছে। এএৰি হবৰ সুবিধা হােৱা হ'লে, এইবােৰ মানুহ জানাে একেলগে থাকিলহেঁতেন? মুঠতে বিলাতী নিয়মহে সংসাৰৰ উপযােগী। তেওঁ কৈছে যুৱক- যুৱতীয়ে ভৱিষ্যৎ নাভাবি অকল ভােগ-লিপ্সাৰ দ্বাৰা পৰিচালিত হৈ বিয়া কৰিহে পিচত এনেকৈ এৰাএৰি হয় : মই কওঁ সিও ভাল। সংসাৰী মানুহৰ উদ্দেশ্যই হৈছে সুখভােগ। যেনেকুৱা ভােগত যেতিয়া সুখ হয়, তেতিয়া তাকেই সাবটি ধৰা উচিত, আৰু আমনি লাগিলেই এৰি দি নতুন সুখৰ সন্ধান কৰা কৰ্ত্তব্য। একে বিধ আহাৰ সদায় খাই থাকিলে সি আমুৱায়; সেই দেখি ৰুচি বঢ়াবলৈ মাজে মাজে তাৰ সাল-সলনি ঘটাই থাকিলেহে স্বাস্থ্য ভালে থাকে। এই কথাটো আন বিষয়ত প্রয়ােগ কৰি বিবাহত নকৰাটোৱেই আমাৰ সমাজত ভুল। সেই দেখিয়েই বিলাতৰ মানুহ সুখী, আমাৰ মানুহ সদায় অসুখী আৰু দেখাতেই আধামৰা আধাজীয়া। দীনবন্ধুৰ কথা শুনিলে তুমিও সংসাৰ-মুখৰ পৰা বঞ্চিত হৈ বাৰী-বামুণীৰ দৰে জীৱন নিয়াব পাৰিবা মাথােন। মােৰ মতে তেনে জীৱনতকৈ মৰণেই ভাল। উকীলৰ কথাত প্ৰভাৱতীৰ পূৰ্ব ভাবৰ কিছু পৰিবৰ্তন হ’ল ; তেওঁ কোনাে উত্তৰ নিদি মৌন হৈ থাকিল। উকীলে আকৌ ক'বলৈ ধৰিলে,-“দীনবন্ধুৰ লগত তুমি কোন -১৮ -