পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৮৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সাধনা তেতিয়াহে বাজৰ মানুহবিলাকে বিচাৰৰ ফলাফল জানিব পাৰিলে। তৎক্ষণাৎ মানুহবিলাকৰ মাজত এটা উত্তেজনাই দেখা দিলে, পৰভাগে ততালিকে ফাটেকৰ ফাললৈ ঢাপলি মেলিলে। দুজনমানে চিঞৰি ক'লে—“ভাইহঁত, চকুৰ আগতে এনে অন্যায়, অধৰম দেখিও সহি থাকিবিনে ? দীনবন্ধুক ফাটেকত এৰি আমি কোনটো লাজেৰে ঘৰলৈ গৈ তিৰােতাৰ আগত মুখ উলিয়াম! ব’ল ভাইহঁত, হয় ফাটেক ভাঙি দীনবন্ধুক উলিয়াই আনিম, নহয় আমিও তাতে থাকিম।” হঠাৎ মানুহবিলাক এনেদৰে উত্তেজিত হােৱা দেখি উমাকান্তই প্রমাদ গণিলে ; তেওঁ সকলােকে আগভেঁটি ধৰি কবলৈ ধৰিলে,- “ৰাইজসকল আপােনালােকে আন কাম কৰিবলৈ যােৱাৰ আগতে দীনবন্ধুৱে কি কৰিবলৈ আপােনালােকক অনুৰােধ কৰি গৈছে, তাক শুনক। তেখেতক যদি আপেনালােকে ভাল পায়, তেন্তে তেখেতৰ অনুৰােধ ৰক্ষা কৰক। তেখেতে নিজে কবলৈ সুবিধা কৰিব নােৱাৰি, এইখন লিখি মােৰ হাতত দি গৈছে, আপােনালােকে মন দি শুনক।”— এই বুলি তেওঁ দীনবন্ধু নিবেদন ৰাইজক পঢ়ি শুনালে। একান্ত মনে শুনি আৰু লগতে উমাকান্তৰ উপদেশ পাই সকলাে ৰাইজ শান্ত হ’ল, আৰু ঘৰঘৰি উলটি আহিল। যাওঁতে বাটত দুই এজনে কৈ গ'ল—“এই গকুলচন্দ্ৰ, সি বাৰু ইমান ডাঙৰ মানুহটো হৈ মিছা কথা ক’ব পায় নে?” “তাক যদি ভালকৈ জলপান খুৱাব নােৱাৰে, মই মানুহেই নহওঁ।”