ৰেল-যাত্ৰী
দীনবন্ধুৰ সহপাঠী আছিলে বুলি বহুতে ভাবিব পাৰে। আচলতে কিন্তু সেইটো নহয়। জ্ঞানেন্দ্ৰ যি বছৰ পলাই যায়, দীনবন্ধু সেই বছৰতহে ইংৰাজী স্কুলত ভৰ্ত্তি হয়। দীনবন্ধুৱে চাৰি বছৰৰ মূৰত যেতিয়া দ্বিতীয় শ্ৰেণী পায়, তেতিয়া লক্ষ্মীকান্তও দ্বিতীয় শ্ৰেণীতে দুবছৰীয়া হৈ আছিল, তৃতীয় শ্ৰেণীৰ পৰা উঠিবলৈকো তেওঁৰ তিনি বছৰমান লাগিছিল। সেই কাৰণে যদিও শেহৰ দুবছৰ লক্ষ্মীকান্ত দীনবন্ধুৰ সহপাঠী আছিল, তথাপি জ্ঞানেন্দ্ৰৰ লগত তেওঁৰ কোনো পৰিচয় নাছিল।
জ্ঞানেন্দ্ৰই কলিকতাত ঘূৰি ফুৰি মটৰ চলাবলৈ শিকিলে আৰু শেহত এজন চাহাবৰ মটৰ-চালক নিযুক্ত হল। এতিয়া তেওঁ মাহে আশী টকা দৰমহা পায়। থকা ঘৰটোৰ কেৰেয়া বছৰি দুশ টাকা দিব লাগে।
সংসাৰত তেওঁৰ এজনী “ঝি”ৰ (বেটীৰ) বাহিৰে আন কোনো নাই। এই ঝিয়েই লোটা-বাটি ধোৱা, বজাৰ কৰাৰ পৰা আৰম্ভ কৰি ৰন্ধা-বঢ়ালৈকে সকলো কাম কৰে। জ্ঞানেন্দ্ৰয়ো তাইক যথেষ্ট আদৰ কৰে। সেই কাৰণে তাই ভাল সাজ-পাৰ আৰু অলঙ্কাৰ-পাতিৰো অভাৱত নপৰে। ঝি বয়সত গাভৰু, দেখিব শুনিবলৈকো বেয়া নহয়, সাজে-পাৰেও ৰমক-জমক; সেই কাৰণে আচহুৱা মানুহে তাইক ঝি নুবুলি গৃহিণী বুলিহে অনুমান কৰিব লগাত পৰে।
আলহী দুজন কোন, এতিয়া বোধকৰোঁ নকলেও চলে। তেওঁলোক লক্ষ্মীকান্ত আৰু ৰম্ভাৱতী। প্ৰভাৱতীক কোনোমতে স্কুলৰ পৰা খেদাব নোৱাৰি আৰু কেতিয়াবা পাৰিলেও কাম পোৱাৰ আশা নেদেখি ৰম্ভাই কলিকতালৈ যাবলৈ মন মেলিলে, আৰু কিবা
এটা সুবিধা কৰিবলৈ জ্ঞানেন্দ্ৰলৈ বাৰে বাৰে লিখিবলৈ ধৰিলে।
-২৬৯-