পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা

 চাহাব—তুমি খৃষ্টানক পৌত্তলিক বুলিছা?

 দীন—এৰা।

 চাহাব—এইটো একেবাৰে মিছা কথা; তুমি তাৰ প্ৰমাণ দিব পাৰিবা?

 দীন—প্ৰমাণ লাগে? শুনা তেন্তে—হিন্দুৱে কেতিয়াও পুতলা- পূজা নকৰে; কিন্তু জড়ৰ সাহায্য নোলোৱাকৈ চৈতন্য শক্তিৰ উপলব্ধি কৰা মানুহৰ সাধ্যাতীত। সেই জড় কাঠ, বাহ, নাইবা শিলৰ মূৰ্ত্তিও হ’ব পাৰে, নাইবা মানস মূৰ্ত্তিও হ'ব পাৰে। হিন্দুৱে এনে জড় পদাৰ্থৰ আশ্ৰয় ললেও তাক জড় ভাবে পূজা নকৰে। তাত চৈতন্য শক্তিৰ কল্পনা কৰি, নাইবা মন্ত্ৰেৰে দেৱতাৰ আৱাহন কৰি, প্ৰকৃততে সেই চৈতন্য শক্তিৰ হে পূজা কৰে। নিজৰ মন স্থিৰ ৰাখি ধ্যান কৰিবলৈ মাথোন মাজত মূৰ্ত্তিৰ সেতু। কিন্তু তোমালোকে কৰা কি? তোমালোকৰ গিৰ্জ্জাঘৰ, বেদী, ক্ৰুচ, আৰু পাদুৰীৰ আসন আদি জড় পদাৰ্থবোৰেই সাধাৰণতঃ তোমালোকৰ ঈশ্বৰৰ ঠাই অধিকাৰ কৰিছে। এই খিনি গুচাই দিয়া, অথবা ঠাইৰ অলপ সাল সলনি কৰাঁ, দেখিবাঁ— লগতে শতকৰা অন্ততঃ নিৰানবৈজন তোমাৰ নিচিনা খৃষ্টানৰ ধৰ্ম্মও কেনিবা উৰি গ'ল। তেনে স্থলত প্ৰকৃত পৌত্তলিক কোন? তোমাৰ দৰে খৃষ্টান নে হিন্দুবিলাক? ৰোমান কেথলিকবিলাকতো দেখা- দেখিকৈয়ে মূৰ্ত্তি-পূজক আকৌ হিন্দুৰ বৈষ্ণৱ, শৈৱ, শাক্ত আদি সম্প্ৰদায় থাকিলেও সি সংখ্যাত বৰ বেচি নহয়। কিন্তু তোমালোকৰ কমকৈও আঢ়ৈ শ সম্প্ৰদায় আছে। তেনেহলে সাম্প্ৰদায়িকতা কাৰ বেচি। মুঠতে তুমি নামত খৃষ্টান হ’ব পাৰা, কিন্তু কামত খৃষ্টধৰ্ম্মৰ একোকে নুবুজা। সেই দেখিয়েই আনৰ ধৰ্ম্মৰ একো নুবুজাকৈ নিন্দা কৰিবলৈ আগ বাঢ়িছা। শ্ৰীকৃষ্ণৰ বিষয়ে যি ক’লা তাত মোৰ বিশেষ

কবলগীয়া একো নাই, কাৰণ তোমাৰ যি ফেৰা ধৰ্ম্মজ্ঞান, যি ফেৰা

–২৩২–