পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা

টকাৰ উল্লেখ কৰি চেক্ৰেটাৰীয়ে আকৌ গৱৰ্ণমেণ্টলৈ আবেদন কৰিলে আৰু পূৰ্ব্বৰ প্ৰতিশ্ৰুতিৰ কথা সোঁৱৰাই দিলে। এই আবেদন পাই এটা স্থায়ী ঘৰ সাজিবলৈ গৱৰ্ণমেন্টে ৫০০০ টান দান কৰিলে আৰু প্ৰভাৰ ঘৰৰ আগত থকা চৰকাৰী মাটি ডোখৰতে স্কুল সাজিবলৈ অনুমতি দিলে। অকল সেয়ে নহয়, প্ৰভা থকা ঘৰটো যি মাটিত আছিল, সেই মাটিখিনিও পট্টাদাৰক মূল্য দি চৰকাৰী কৰি দিলে; ঘৰটো স্কুলৰ ধনেৰে কিনি লোৱা হ'ল। লোকেলবোৰ্ড আৰু মিউনিচিপেলিটিয়েও কিছু কিছু টকা মঞ্জুৰ কৰিলে আৰু মাহেকীয়া সাহায্যৰো প্ৰতিশ্ৰুতি দিলে।

 এতিয়া নিৰ্দিষ্ট ঠাইত ঘৰ সজাৰ যো-যা চলিব লাগিছে। স্কুল আগৰ নিয়মেই চলি আছে, মাত্ৰ কমিটিত স্কুলৰ ডেপুটি ইন্স্‌পেক্টৰক সভ্য ল’ব লগা হোৱাত তপেশ্বৰৰ নাম বাদ পৰিল আৰু জিলাৰ বৰ চাহাব সমিতিৰ সভাপতি নিযুক্ত হল।

 এইবোৰ দেখি শুনি দীনবন্ধু নীৰৱে থাকিল আৰু তেওঁ দলৰ বাহিৰত থকাৰ বাবে অসন্তোষ প্ৰকাশ নকৰি সন্তুষ্টহে হ'ল; আৰু সুবিধা কৰিব পাৰিলেই তেওঁৰ আদৰ্শমতে এখন শিক্ষাশ্ৰম পাতি- বলৈ মনে মনে সঙ্কল্প কৰিলে।

 প্ৰভাৰ ঘৰত মানুহৰ সমাগত পূৰ্ব্বৰ দৰেই। এই বিষয়ে বাহিৰত নানাপ্ৰকাৰ কলঙ্ক-কাহিনী যে প্ৰচাৰ হৈছে, তাত কোন সন্দেহ নাই; কিন্তু দীনবন্ধুৰ লগত সেই প্ৰচাৰকাৰ্য্যৰ অলপো সম্পৰ্ক নাই। চেক্ৰেটাৰী আদিয়ে নিজ নিজ স্বাৰ্থৰ কাৰণে মিছা কথা সাজি কৈছিল। তেওঁলোকৰ উপদেশ মতেই প্ৰভাই সেই দিনাৰে পৰা দীনবন্ধুক একো সোধা নাই।

 এই ঘটনাৰ কিছুদিন পিচত এদিন মহেশচন্দ্ৰ চেক্ৰেটাৰী অহাৰ

পিচত প্ৰায় ৰাতি দুপৰত প্ৰভাৱতীৰ ঘৰলৈ গ'ল। প্ৰভাই তেতিয়া