পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধনা

যদিও হুমিয়াইছিলোঁ তথাপি তোমাৰ সাহায্য নহলে কৃতকাৰ্য্য হোৱাৰ আশা নাই। যুৱতী ইয়াৰ বালিকা স্কুলৰ শিক্ষয়িত্ৰী, নাম প্ৰভাৱতী। কলিকতাৰ কোনোবা ৰমণীমোহন দত্ত নামেৰে বেৰিষ্টাৰ এজনে বিবাহৰ পাত্ৰী বিচাৰি দিয়া জাননী এখন দেখি, তেওঁ পাত্ৰী হ’বৰ ইচ্ছা প্ৰকাশ কৰি চিঠি লিখিছিল। মই ডাকঘৰৰ কৰ্ম্মচাৰী এজনৰ সাহায্যেৰে তাৰ উত্তৰ হস্তগত কৰিছোঁ। মুঠতে তেওঁৰ বিবাহ কলিকতাতে হৈ গ’ল, আৰু সেই কাৰণে প্ৰভাৱতীৰ লগত বিবাহ হ’ব নোৱাৰে। প্ৰভাৱতীয়ে চিঠিখন নোপোৱাৰ কাৰণে এতিয়াও এই কথা জানিব পৰা নাই। তুমি যদি তোমাৰ বন্ধুৰ অপমানৰ প্ৰতিশোধ লোৱাত সাহায্য কৰিব খোজা, তেন্তে এয়েই সুৱৰ্ণ সুযোগ। তুমি ততালিকে ছুটা লৈ ৰমণীমোহন দত্ত বুলি পৰিচয় দি প্ৰভাৱতীৰ ওচৰত উপস্থিত হোৱাঁহি, কলিকতাৰ পৰা এনে ভাবে চিঠি লিখিবা যাতে ভাবিবলৈ বা কাৰবাক সুধি-পুছি চাবলৈ সময় পোৱাৰ আগতে তুমি আহি পোৱা। তাৰ পাচত ছলে-বলে কৌশলে যদি এবাৰ তেওঁক কলিকতালৈ নি দিব পাবা, তেন্তে অপমানৰ প্ৰতিশোধ ভালকৈ ল’ব পাৰিম।”—তেওঁৰ অনুৰোধ মতেই মই ৰমণীমোহন হৈ আহিছিলোঁ, আৰু আপুনিও দেখা পাইছিল। আপুনি ইয়াত নথকা হলে আমাৰ উদ্দেশ্য কিজানি সিদ্ধিয়েই হ’লহেঁতেন। কলিকতাৰ পৰা তেনে ঠিকনা কিয় দিছিলোঁ, সেইটো আপোনাক নকলেও হ’ব। বাকী সকলো কথা আপুনি জানে। মই এতিয়া সকলো কথা কলোঁ, আপুনি মোক ৰক্ষা কৰক।

 দীন—আপোনাৰ অপৰাধ ক্ষমাৰ অযোগ্য।

 জ্ঞান-কিন্তু মোক শাস্তি দিয়ালেও কৰা কাম নকৰা নহয়। তদুপৰি আমাৰ উদ্দেশ্য সিদ্ধি নহ’ল যেতিয়া, প্ৰভাৱতীৰো সঁচাকৈয়ে কোনো ক্ষতি হোৱা নাই।

⸺৩৬৬⸺