পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চতুৰ্থ অধ্যায়

পানীৰামৰ পৰিয়াল

 এই আখ্যায়িকাত যি সময়ৰ কথা কোৱা হৈছে, তাৰ প্ৰায় আঢ়ৈ কুৰিমান বছৰৰ আগতে ফেদুৱা নামেৰে এটা মানুহ আহি ওপৰত কোৱা চহৰৰ দাঁতিত এটা পঁজাত ঘৈণীয়েকৰে সৈতে বাস কৰিছিল আৰু চিপাহী কাম কৰি পেট প্ৰবৰ্ত্তাইছিল। এওঁৰ ঘৰ আগেয়ে মঙ্গলদৈ অঞ্চলৰ কোনোবা ঠাইত আছিল আৰু এওঁ সৰুৰে পৰা এজন বামুণৰ ঘৰত হালোৱা থাকি পেট পুহিছিল। দুৰ্ভাগ্যবশতঃ প্ৰায় তিনি কুৰিমান বছৰ বয়সত বামুণৰ পত্নী বিয়োগ হয় আৰু এহেজাৰমান টকা খৰচ কৰি, তেওঁ দ্বিতীয়বাৰ পত্নী গ্ৰহণ কৰে। যথা সময়ত শান্তি কৰাই বামুণীক ঘৰলৈ অনা হ’ল; কিন্তু বামুণ-বামুণীৰ খৰিয়াল এদিনলৈকো নাভাগিল। এনেকৈয়ে এবছৰমান যোৱাৰ পিচত এদিনাখন ৰাতি বামুণী আৰু হালোৱা দুয়ো বামুণৰ ঘৰৰ পৰা অদৃশ্য হ’ল। বামুণে বহুত দিন বিচাৰিলে; কিন্তু কাকো ধৰা পেলাব নোৱাৰিলে।

 ফেদুৱাই বামুণীক লৈ আজি অ’ত, কালি ত’ত কৈ নানা ঠাইত ঘূৰি তিনি বছৰ কটালে; শেহত বামুণ মৰিল বুলি শুনি প্ৰকাশ্য ভাবেই বামুণীক ৰাখি ওপৰত কৈ অহাৰ দৰে থাকিবলৈ আৰু জীৱিকা উলিয়াবলৈ ধৰিলে। এনেকৈ থাকোঁতেই ফেদুৱাক দুটি বংশধৰৰ মুখ দেখুৱালে; বৰটো মাটিৰাম আৰু সৰুটো পানীৰাম। কিন্তু লৰাকেইটাক বুজন কৰিবলৈ ফেদুৱাই বাট চাব নোৱাৰিলে, চিত্ৰগুপ্তৰ বহিত তেওঁৰ হিচাপ শেষ হ’ল। ফেদুৱাৰ মৃত্যুৰ পিচত বামুণীয়ে এটা এটাকৈ কেইবাটাও চিপাহী ৰাখিলে; কিন্তু এটাৰ পৰাও বামুণীৰ উদ্দেশ্য সিদ্ধি নহ’ল। শেহত ভিক্ষাবৃত্তি অৱলম্বন কৰি লৰাকেইটাক কিছু বুজন কৰি তুলিলে।

— ১৮ —