পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা

 তাৰ পিচত চাহাবে দীনবন্ধুৰ পুথিভঁৰাল চাব খুজিলে, দীনবন্ধুৱে আগ্ৰহেৰে দেখুৱালে। চাহাবে চাই চাই কিছুমান কিতাপৰ আৰু দোকানৰ নাম টুকিবলৈ লাগিল।

 হঠাৎ কিবা এটা কথা মনত পৰি দীনবন্ধুৱে চাহাবক সুধিলে,— আপোনাৰ মটৰ-ড্ৰাইভাৰটোৰ নাম কি?

 চাহাব—জ্ঞানেন্দ্ৰনাথ ৰায়।

 দীন—তেওঁ আপোনাৰ লগত কিমান দিন কাম কৰিছে?

 চাহাব—প্ৰায় পাঁচ বছৰ।

 দীন-ইয়াৰ ভিতৰত তেওঁ অসমলৈ আহিছিলনে?

 চাহাব—মই যিমান বাৰ আহিছোঁ, তেৱো প্ৰায় সিমান বাৰেই আহিছে। এবাৰ কি দুবাৰ মাত্ৰ মই মটৰ অনা নাছিলোঁ।

 দীন-মই আপোনাৰ লগত অহাৰ কথা সোধা নাই। অকলৈ তেওঁ কেতিয়াবা আহিছিল নে নাই, তাকে জানিব খুজিছো।

 চাহাব—পূজাৰ সময়ত তেওঁ দুমাহৰ ছুটী লৈ বিয়াৰ বন্দৱস্ত কৰিবৰ নিমিত্তে আসামলৈ আহিছিল, পিচত বন্দৱস্ত ঠিক নোহোৱাত কেইদিনমানৰ আগতে উভতি গ’ল। আপুনি-নো সুধিলে কিয়?

 দীন-মই তেওঁক চিনো যেন লাগিছে, বোধকৰোঁ সেই সময়তে দেখিছিলোঁ, সেই হে সুধিলোঁ! বাৰু আপুনি কিতাপ চাওকচোন, মই এবাৰ তেওঁক লগ ধৰিব লাগে।

 দীনবন্ধু ওলাই গ'ল। চাহাবে আগৰ দৰেই কিতাপ চাবলৈ আৰু টোকা ৰাখিবলৈ লাগিল।

-৩৬২-