সাধনা
কথা কৈছিলোঁ। সিহঁতে যে ৰৌটোকে ঢৌটো কৰি তুলিব, তাক মই ভবাই নাছিলোঁ; এতিয়া আকৌ মই সম্পূৰ্ণৰূপে আপোনাৰ হাতৰ মুঠিত, তেনে অৱস্থাত মই আপোনাৰ বিৰুদ্ধে চলিছোঁ বুলি ভাবেনে?
দীন—সেই কাৰণেইতো শিখণ্ডীক আগত থৈ শৰ কৰিছা।
শিৱ—তেনেহলে আপুনি মোক বৰ ভুলকৈ বুজিছে; নিশ্চয় আপুনি কোনোবা লগনীয়াৰ কথা শুনিছে।
দীন—হয় নেকি? তেনেহলে তোক শুদ্ধকৈ বুজি লোৱা উচিত। গঙ্গা, তই এতিয়াই কেৰপাইক মাতি আন।
গঙ্গাই কেৰপাইক মাতি আনিলে। শিৱৰ মুখ ক’লা পৰিল। সেইদিনা ভোজত উপস্থিত থকা বনুৱা মানুহ কেইটাৰে কেৰপায়ো এটা। দীনবন্ধুৱে ক’লে,-“কেৰপাই, তোক কেলেই মাতিছোঁ, ক’ব পাৰ নে? সিদিনা তহঁতে ভোজ খাই কি আলচিছিলি, মই গম নোপোৱাকৈ থকা নাই। এতিয়া তহঁতক কি কৰিব লাগে? তহঁতক মৰম কৰোঁ দেখি চল পাই বাঢ়ি গৈছ, নহয়। এইবাৰ তহঁতক দণ্ড নিদিয়াকৈ এৰিব নোৱাৰোঁ।”
কেৰপাই।—মোৰ গাত সমূলি দোষ নাই, দেউতা। এওঁ আৰু এওঁৰ লগৰীয়াবিলাকে আমাক খুৱাই-বুৱাই লৈ দহ টকাকৈ ৰূপ দি আপোনাৰ বদনাম উলিয়াবলৈ আৰু কোনোবাই সুধিলে হয় বুলি ক’বলৈ কৈছিল। মোৰ লগৰ কেইটাই ক’ম বুলি টকা আনিলে, মই এনে মিছা কথা ক’ব নোৱাৰোঁ, আৰু কলেও কোনেও নপতিয়ায় বুলি তেতিয়াই টকা পেলাই দি আহিছোঁ। এই দেৱেই টকা দিছিল নহয় তেৱেঁই কওকচোন পাৰে যদি, মই টকা পেলাই থৈ উচাট্ মাৰি গুচি অহা নাই বুলি।”
শিৱ তেতিয়া মূৰ্চ্ছাপন্ন হৈছিল। তেওঁৰ মুখৰ মাত হৰিল, চকুৰে
ধোৱাঁ-কোঁৱা দেখিবলৈ ধৰিলে। যদি দীনবন্ধুৱে তেওঁক শাস্তি দিয়াৰ
- ২৯৪-