পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১২১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


এত্যাখ্যান ব্যস্ত, তেন্তে কাকনাে তেওঁ বিশ্বাস কৰিব। দীনবন্ধুৱেই যদি এনে সঙ্কীর্ণমনা, তেন্তে আন কোনে তেওঁৰ নিৰ্দোষিতা স্বীকাৰ কৰিব। প্রভাই এবাৰ দীনবন্ধুলৈ সকলাে কাহিনী বর্ণাই এখন চিঠি লিখিব খুজিছিল আৰু তেওঁনাে কিয় এনে অসত্য কথা অন্যায়ৰূপে প্ৰচাৰ কৰিছে, তাক সুধিবলৈকো স্থিৰ কৰিছিল। কিন্তু ইমান দিন চিঠি পত্র বন্ধ কৰাৰ পিচত, এতিয়া লিখিবলৈ লাজ লাগিল। অকল সেয়ে নহয়, এই চিন্তাৰ লগে লগে এটা অজ্ঞাত অভিমান ভাবে তেওঁৰ মনলৈ আহিল। প্রভাৰ চকুত চকুলাে ওলাল। পাটীত পৰি বহুত পৰলৈকে উচুপি উচুপি কান্দিবলৈ ধৰিলে।