পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২০০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
সাধনা

১লা নবেম্বৰৰ দিনা আমি সকলোটি সৰ্ব্বানন্দৰ চ’ৰাতে গোট খাম। তাতে সকলোৱে মীমাংসা কৰি কি উত্তৰ দিয়া হ’ব, ঠিক কৰিম।”

 স্বাক্ষৰকাৰীসকলো তেনে কৰিবলৈ স্বীকৃত হ’ল।

 পহিলা নবেম্বৰৰ দিনা সন্ধ্যাৰ এঘণ্টামান আগতে দীনবন্ধু তেওঁৰ চ’ৰাত বহি বাতৰিকাকত এখন পঢ়ি আছে। পঢ়াৰ ললে লগে যেন তেওঁৰ মনত নানা চিন্তা, নানা ভাবনাৰ উদয় হৈছে। এতেনে দহজনমান ভদ্ৰলোক আহি তেওঁৰ ওচৰত উপস্থিত হ’ল। তেওঁলোক সকলোৱেই আৰ্জ্জিত স্বাক্ষৰ দিছিল। দীনবন্ধুৱে তেওঁলোকক বহিবলৈ দি আগমনৰ কাৰণ সুধিলে; তেওঁলোকে স্কুল সম্পৰ্কীয় চেক্ৰেটাৰীৰ প্ৰশ্নৰ উত্তৰ ঠিক কৰিবলৈ আহিছে বুলি ক’লে।

 দীনবন্ধুৱে ক'লে, — “পিচে আপোনালোকেনো কি উত্তৰ দিব খুজিছে?”

 তেওঁলোকৰ এজনে উত্তৰ দিলে, — “আপুনি যি উত্তৰ দিয়ে আমিও তাকেই দিম। আপুনিনো কি উত্তৰ ঠিক কৰিছে?”

 দীন — মই প্ৰথমতে যি বুলি স্বাক্ষৰ দিছিলো, এতিয়াও তাকেই ক’ম৷

 প্ৰথম — সেইবোৰ কথা জানো লিখি দিয়া ভাল হ’ব? যদি প্ৰমাণ নহয়, বিপদ ঘটিব পাৰে।

 দ্বিতীয় — আমিতো একোকে নাজানো। আপুনি নিজে সকলো জানি শুনি বিচাৰ কৰিব খুজিছে বোলাতহে আমি চহি দিছিলোঁ।

 তৃতীয় — সেইদেখিয়েইহে আমি আগ ধৰি আপোনাৰ লগত পৰামৰ্শ কৰিবলৈ আহিছোঁ।

 দীন — আপোনালোকে কি হৈছে মই ভালকৈ বুজিবকে পৰা নাই।

— ১৯৪ —