পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১২০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সাধনা লােকনিন্দা হ’ব পাৰে! জাতত যাব, পেটো নভৰিব, ইয়াতকৈ দুখৰ কথা আৰু কিবা আছে নে? সেই কাৰণে মই ভাবিছো বলাে কলঙ্ক যেতিয়া প্ৰচাৰ হৈছে সঁচাকৈয়ে হওক। প্রভা—আপুনি এইবােৰ কি কৈছে? মহেশ—তুমি মােৰ কথা বুজা নাই নে ? চোৱ। তুমি মই এক ; ইমান দিন লােকৰ ভয়ত বেলেগ হৈ আছিলোঁ। কিন্তু এতিয়া লােকেই যেতিয়া লগলগাই দিছে আৰু বেলেগ হৈ থাকে কিয় ? এইদৰে কৈয়েই মহেশে প্রভাৰ হাতত থাপ মাৰি ধৰিলে। প্রভাৰ তেতিয়া মুখৰ বৰণ সলনি হ’লচকুৰ পৰা ফিৰিঙটি উফৰিবলৈ ধৰিলে। প্ৰভাই এছাৰ মাৰি মহেশৰ হাতটো এৰুৱাই বিজুলী বেগেৰে ভিতৰৰ খােটালিত সােমাল আৰু মাজৰ দুৱাৰ বন্ধ কৰি দিলে। তাৰ পিচত ক’লে,-“আপুনি এই মুহূর্ততে ইয়াৰ পৰা আঁতৰ হওক ; ভৱিষ্যতলৈ কেতিয়াও এই ঘৰত ভৰি নিদিব। নহলে ফল ভাল নহ'ব।” | সেই দিনা ৰাতি প্ৰভাৱতীৰ টোপনি নাহিল ; নানা চিন্তাত তেওঁ আকুল হৈ পৰিল। বাহিৰত কলঙ্ক, ভিতৰত এই নীচতা। ইয়াৰ ভিতৰত তেওঁৰ প্ৰকৃত পথ কোনটো ? একোবাৰ ভাবে যদি ভালে থাকিলেও এনে বদনামৰ হাত সাৰিব নােৱাৰি, তেনেহলে বেয়া হােৱাতেই বা হানি কি? আকৌ ভাবে, পৰে দোষী বুলিলেও মই যদি নিজে দোষ নকৰে, তেনেহলে অন্ততঃ নিজক সান্ত্বনা দিবলৈ বাট থাকিব। এই চিন্তাৰ লগে লগে পুনঃ পুনঃ দীনবন্ধুৰ কথা তেওঁৰ মনত পৰিবলৈ ধৰিলে। দীনবন্ধুও তেওঁৰ শত্রু। যি তেওঁৰ আশা ভৰসাৰ স্থল, যাক পুৰুষ-ৰত্ন, বিপন্নৰ বন্ধু বুলি ভাই দেৱতাৰ শাৰীত ঠাই দিছিল, তেৱে। যদি পৰৰ নিন্দা কুৎসা আদি ৰটনাত ১১৪ -