পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩১৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


মিশ্যন স্কুল এই বক্তৃতাত ৰম্ভাৰ মতৰ পৰিবৰ্তন ঘটিল। যেতিয়ালৈকে ধৰ্মৰ কথা আলােচনা কৰিছিল, তেতিয়ালৈকে ৰম্ভাৰ খৃষ্টান হােৱা অধঃপতন আৰু লাজৰ কথা বুলি ভাবিছিল, কিন্তু যেই ভােগ-বিলাসৰ কথাৰ অৱতাৰণা হ’লততালিকে বহুত সুবিধা ৰম্ভাৰ চকুত পৰিল। সঁচা কথা, তেৱোতো নীহকুলীয়া, আৰু সেই কাৰণেই কোনাে উচ্চ বৰ্ণৰ শিক্ষিত হিন্দুৱে তেওঁক প্রকাশ্যে গ্ৰহণ কৰিবলৈ ওলােৱা নাই। স্বজাতীয়ৰ ভিতৰতত তেওঁৰ মনােমত পাত্ৰৰ অভাৱ। তেনেহলে তেওঁ খৃষ্টান হােৱাই উচিত নেকি ? আৰু এটা কথা। ৰম্ভা মিশ্যন স্কুললৈ অহাৰে পৰা মাজে মাজে তেওঁ ওচৰৰ আলিত এজন ডেকা খৃষ্টানক দেখা পাইছিল। তেওঁ মিচেচ, ডিক্সন নামেৰে সেই স্কুলৰে এজনী শিক্ষয়িত্ৰীৰ ভায়েক। ৰম্ভাই তাত থাকোতেই তেওঁৰ পৰা কেইবাখনাে প্রেমপত্র পাইছে, তাত তেওঁৰ নাম এইচ, মেকেঞ্জি বুলি লিখিছিল। মেকেঞ্জিৰ বাপেক বঙ্গদেশীয় কৈৱৰ্ত্ত কি বাঙ্গীজাতীয়। মেকেঞ্জি আৰু বায়েকক মিশ্যনেৰীসকলে আনি মিশ্যন স্কুলত শিক্ষা আৰু খৃষ্টান ধর্ম দি ডাঙৰ কৰিছিল। শিক্ষাৰ অন্তত বায়েকক মিষ্টাৰ ডিক্সন নামেৰে টেলিগ্রাফ অফিচত কাম কৰা এজন ফিৰিঙীয়ে বিয়া কৰায়। বিয়াৰ পিচৰে পৰা মিচেচ ডিক্সনে এই স্কুলতে শিক্ষয়িত্ৰীৰ কাম কৰি আহিছে। মেকেঞ্জিয়েও শিক্ষাৰ অন্তত ভিনীহিয়েকৰ আশ্ৰয়তে থাকি টেলিগ্রাফ শিকি তাতে এটা কাম পায়। ডেইটনৰ কথা শুনি মেকেঞ্জিক লাভ কৰিব খুজিলে তেওঁ যে খৃষ্টান হ’ব লাগিব, সেই কথাটো ৰম্ভাই বিশেষকৈ ভাবিলে। মেকেঞ্জিয়ে সম্পূৰ্ণৰূপে চাহাবৰ নিচিনাকৈ চলা-ফুৰা কৰে। যদি মেকেঞ্জিয়ে তেওঁক বিয়া কৰায়, তেন্তে তেৱো গাউন পিন্ধি, মেম সাজি, বাটে বাটে গা ঘেলাব পাৰিব। কোনাে লুক-টুক নকৰাকৈ ডিঙিত ধৰাধৰি কৰি বাটে বাটে প্রেমালাপ কৰি ফুৰিলেও কোনেও একো ক’ব নােৱাৰিব। কিন্তু মেকেঞ্জিয়ে তেওঁক সঁচাকৈয়ে বিয়া কৰাৰ খােজে নে