পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৪৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ৰম্ভাৱতী

 যুৱতী — কিয়, অহাত বেয়া পালে নে কি? আপুনিতো আমাৰ ঘৰলৈ নাযায়েই; সেইদেখি ময়ে বিচাৰি আহিছোঁ।

 ৰম্ভাৰ কথাৰ গঢ় দেখি দীনবন্ধুৱে তাৰ কি উত্তৰ দিব, একো স্থিৰ কৰিব নোৱাৰিলে; তেওঁ মনে মনে বিৰক্তি অনুভৱ কৰিবলৈ ধৰিলে। ৰম্ভাই আকৌ ক’লে, — “ইয়াৰ ভিতৰতে এদিন জানো আমাৰ ঘৰত পদধূলা পেলাব?”

 কথাৰ লগে লগে এটা মিচিকিয়া হাঁহিৰে সৈতে এনে এটা চকুৰ পাক দিলে যে দীনবন্ধু স্তম্ভিত হৈ গহীন ভাবেৰে ক’লে — “মোৰ সময় বৰ কম, গাওঁ ফুৰিবলৈ অৱসৰেই বা ক’ত? তাতে যদি তোমাৰ ককাইদেৱৰ আগৰ নিচিনা হৈয়েই আছে, তেন্তে তেওঁক ঘৰত পোৱাও সহজ নহয়।”

 ৰম্ভা — ককাইদেউ ঘৰত নাথাকিব পাৰে, মইতো প্ৰায় ঘৰতেই থাকোঁ। আপোনাক অভ্যৰ্থনা কৰিবলৈ পালে, মই নিজক কৃতাৰ্থ মানিম। আমাৰ জানো তেনে ভাগ্য হ’ব!

 আকৌ সেই বক্ৰ দৃষ্টি! দীনবন্ধুৰ অসহ্য হ’ল, তথাপি কোনোমতে আত্মসংবৰণ কৰি ক’লে, — “সেই বিষয়ে ভাবিবলৈ যথেষ্ট সময় পোৱা যাব। সম্প্ৰতি তোমাৰ আগমনৰ উদ্দেশ্য কি সোনকালে জানিবলৈ পালে বাধিত হ’ম। মোৰ গা ধুবৰ সময় প্ৰায় হৈ আহিল।”

 ৰম্ভাই ভাবিলে দীনবন্ধু নিতান্ত নীৰস গাৱঁলীয়া ধৰণৰ মানুহ। তেওঁৰ নিচিনা সুন্দৰীৰ লগত আলাপ কৰিবলৈ কত মানুহে হাবাথুৰি খাই ফুৰে, কিন্তু দীনবন্ধুৱে যেন তেওঁক বিদায় দিব পাৰিলেহে ৰক্ষা পৰে! তথাপি সহজে পৰাজয় মনা ৰম্ভাৰ স্বভাৱ নহয়, এটা অতি তীব্ৰ কটাক্ষপাত কৰি ক’লে — “মই আপোনাৰ বহুমূলীয়া সময় নষ্ট কৰিব লগাত পৰিছোঁ; সেইবাবে ক্ষমা কৰিব। যদি এতিয়া সময় নাই, তেন্তে আবেলিকৈ আহিম, এতিয়া আহোঁৱেই।”

— ৪১ —