সাধনা
লক্ষ্মী—থকাৰ সম্পৰ্কে একা?
জ্ঞান—স্কুলৰ বোৰ্ডিঙতে থাকিবলৈ সুবিধা হ’ব বুলিছে, কেৰেয়া দিব নালাগে।
লক্ষ্মী—ভাল কথা। আজিয়েই তেন্তে ৰম্ভাক তাৰ “লেডি চুপাৰিণ্টেণ্ডেণ্ট’ৰ ওচৰলৈ লৈ যাব লাগিব।
জ্ঞান—আজি আৰু কেতিয়া নিম! চাহাব এতিয়া ফুৰিবলৈ যাব, মই মটৰ নিব লাগিব। কালিলৈহে যাব পাৰিম।
লক্ষ্মী—মই কিন্তু কালিলৈ নগলেই নহ’ব! মই সাত দিনৰ ছুটী আহিছিলোঁ, ভাবিছিলোঁ ইয়াত দুদিনমান থাকি যাব পাৰিম। পিচে বাটতে জাহাজখন দুদিন লাগি থাকি সকলো মিছা কৰিলে। এতিয়া কালিলৈ নগলে নিৰ্দিষ্ট দিনত কামত হাজিৰ হোৱা অসম্ভৱ হ’ব। আজিয়েই সকলো দিহা হৈ যোৱা হলে নিশ্চিন্ত হব পাৰিলোঁহেতেন।
জ্ঞান—দিহানো আৰু কি হ’ব! সকলো হৈয়েই আছে দেখোন। কালিলৈ তুমিও যাবা, ৰম্ভাও বোৰ্ডিঙলৈ যাব। আজি ৰাতিটোহে মোৰ ঘৰত থাকিবা।
ৰম্ভা—এৰা, সেয়ে ভাল। আজি ককাইদেউৰে সৈতে লগে- ভাগে থাকো; কালিলৈ তেৱোঁ যাব, ময়ো যাম।
লক্ষ্মীকান্তই তেতিয়া একো নামাতি সম্মতিজ্ঞাপক মৌনাৱলম্বন কৰিলে।
_____