পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩২৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


বিবাহ-প্ৰস্তাৱ চিঠিৰ কাগজ নষ্ট কৰি হে এখন কোনােমতে পঠিয়াব পৰা হওঁ। ইয়াৰ আগৰখন চিঠি পঠিয়াই মােৰ অতিশয় লাজ আৰু ভয় লাগিছিল। আপােনাৰ পৰা পাই অহা চেনেহ আৰু যত্নও কিজানি হেৰুৱাওঁ,-এই বুলি মই ভাবনাত অস্থিৰ হৈ পৰিছিলোঁ; আপােনাৰ আগত ওলাব- লৈকো লাজ লাগিছিল। আজি আপােনাৰ সুমধুৰ আশ্বাস বাণীয়ে সেই অস্থিৰতাৰ সলনিত এক অবর্ণনীয় পুলকৰ সৃষ্টি কৰিলে। আপুনি মােক ঘিণ কৰা হ'লেও মই আপােনাৰ পূজাতেই জীৱন উচৰ্গা কৰিলোহেতেন তেনে স্থলত যে মই আপােনাৰ ভালপােৱাৰ পাত্রী হ’ব পাৰিছো, তাতকৈ আৰু কি সৌভাগ্য হ'ব পাৰে। আজি জগতত মােতকৈ সুখী আৰু কোনাে নাই। কিন্তু প্রিয়তম, দেৱতা মােৰ, মই যে আপােনাৰ যােগ্য পূজাৰিণী নহওঁ। আমাৰ দৈহিক মিলনৰ বাট বন্ধ। আপুনি জানে মই আপােনাৰ স্বজাতীয়া নহওঁ, নীহ কুলত মােৰ জন্ম। সেই কাৰৰ আপুনি মােক বিয়া কৰালে চলিত প্রথামতে আপােনাৰ সামাজিক অৱনতি ঘটিব, সেইটো মই সহিব নােৱাৰে। সেই দেখিয়েই মই মােৰ প্ৰাণৰ যাতনা সহ কৰিও আপােনাৰ স্বজাতীয় কন্যা উষাৰ লগত আপােনাৰ বিবাহৰ প্ৰস্তাৱ কৰিছিলোঁ। আপুনি সেই প্রস্তাৱ গ্ৰহণ কৰা হ'লে মই মােৰ ভালপােৱ চিৰজীৱন গােপনে ৰাখিলোঁহেঁতেন। এতিয়াও মই মােৰ প্ৰাণৰ ভালপােৱাৰে আপােক পূজা কৰিব পাৰিম মাথােন, আপুনি দাম্পত্য সুখ সম্ভোগৰ পৰা বঞ্চিত হ'ব লাগিব। এই সম্পর্কে আপুনিয়েই যথাবিহিত কৰিব। মােৰ সহস্ৰ অপৰাধ মার্জনা কৰিব। সেরিকা প্ৰভাৱতী