পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
কবি-প্ৰিয়া

সূৰ্য্যদেৱৰ উদয় আৰু অস্ত কালৰ মহিমামণ্ডিত সৌন্দৰ্য্য নিৰীক্ষণ কৰে। আজিও তেওঁ তাতে বহি সূৰ্য্যাস্ত আৰু তাৰ আনুষঙ্গিক দৃশ্য চাই মুগ্ধ হৈ ৰ’ল। তেতিয়া তেওঁৰ মনত কি ভাব খেলাইছিল কোনে জানে!

 প্ৰায় আন্ধাৰ হৈ আহিছে, এনেতে পাচফালে কিবা এটা শব্দ শুনি দীনবন্ধু চক্ খাই উঠিল, উভতি চাই দেখিলে তেওঁৰ এজন বয়স্য — উমাকান্ত।

 উমাকামই ক’লে — “কি হে ইমান কৈ মাতিলোঁ, তেও সঁহাৰি নাই। মই নহা হলে কিজানি ইয়াতেই ৰাতি কটালাহেঁতেন হ’বলা!”

 দীনবন্ধু — নহয়, কিবা এটা ভাবি আছিলোঁ।

 উমা — সেইটো ময়ো বুজিছোঁ। পিচে এতিয়া নোযোৱা জানো?

 দীন — এই যাওঁ, ব’লা।

 দীনবন্ধু উঠিল আৰু উমাকান্তৰে সৈতে ঘৰমুৱা হৈ খোজ ল’লে। কেইখোজমান যোৱাৰ পিচতে উমাকান্তই কলে — পিচে তোক কথা এটা সোধো বুলি ভাবিছিলোঁ; বেয়া নোপোৱা যদি কওঁ।

 দীন — কি কথা?

 উমা — নতুন কথা একো নহয়। মই সুধিব খুজিছিলোঁ বোলো তুমি অকল কবিতাকে লৈয়েই জীৱন কাটাব খুজিছা নেকি?

 দীন — পৰা হলেতো বেয়া নাছিল।

 উমা — তোমাক দেখোন দেখিছোঁ পুৱা-গধূলি প্ৰায়েই নৈৰ দাঁতিত আৰু আজৰি পোৱা সময়ত ঘৰৰ চুকত। সংসাৰৰ লগত যদি তোমাৰ মিলিবৰ ইচ্ছা নাই, তেন্তে তাৰ পৰা একেবাৰেই বাহিৰ নোহোৱা কিয়?

 দীন — সংসাৰ এৰি ঠাই ক’ত! মই যে ঘোৰ সংসাৰী।

 উমা — তুমি যদি ঘোৰ সংসাৰী, সন্ন্যাসী নো কোন?

— ৩ —