পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৩৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ভীষণ প্রতিজ্ঞা লক্ষ্মী—কিয় তুমি ইমান নিষ্ঠুৰা হৈছা প্রভা ? মই তােমাৰ ভৰিত পৰিছে, মােক দয়া কৰাঁ, নহলে মােক হত্যা কৰাঁ। প্রভা—এনে পাপীক হত্যা কৰাই হওঁতে উচিত; কিন্তু নকৰোঁ, ইয়াকে মাথােন কওঁ—যেন সেই পাপ-মুখ আকৌ মই দেখা নাপাওঁ। লক্ষ্মী—প্রভা, এতিয়াও সময় আছে, এতিয়াও তােমাৰ কথা উঠাই লােৱ।। নহলে—মনত ৰাখিবা ইয়াৰ পৰিণাম অতি ভয়ানক হ’ব। তুমি জানানে মই ইচ্ছা কৰিলে কি ভয়ঙ্কৰ হ’ব পাৰোঁ? প্রভা—তাৰ নিমিত্তে প্ৰভাৱতীয়ে ভয় নকৰে। তৎক্ষণাৎ ভীষণ মূর্তি ধৰি লক্ষ্মীকান্তই প্ৰভাৱতীৰ গালৈ চেঁচা ল’লে। প্ৰভাৱতী থিয় হ’ল ; কিন্তু অলপপ লৰচৰ নকৰি দীপ্তা সিংহীৰ দৰে গৰ্জি উঠিল,—“সাৱধান! আৰু এখােজা আগ নাবাঢ়িবি। মােৰ চুলিৰ আগ ছুবলৈকো তােৰ শক্তি নাই। তােৰ পাপ মুখত পদাঘাত কৰি ধৰ্ম্মৰক্ষা কৰিবৰ শক্তি প্ৰভাৱতীৰ আছে। | প্ৰভাৱতীৰ মূর্তি দেখি লক্ষ্মীকান্ত থমক খাই ৰ'ল, আৰু কিবা এটা ভাবি ততালিকে ঘৰৰ পৰা ওলাই গ'ল। যাবৰ সময়ত কৈ গ’ল,—“প্ৰভাৱতী, মনত ৰাখিবি মই লক্ষ্মীকান্ত। আজিলৈকে তােৰ পৰম মিত্ৰ আছিলোঁ, আজিৰ পৰা তােৰ পৰম শক্ত বুলি জানিবি। মই যদি তােৰ সৰ্ব্বনাশ কৰিব নােৱাৰে। তেন্তে মই আইৰ অহৰা পুতেক। চাওঁ বাৰু, কোনে তােক ৰক্ষা কৰিব পাৰে ! = ১২৭ -