পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নৱম অধ্যায়

ৰেল-যাত্ৰী

 মেইল ট্ৰেইন গৈ শিয়ালদহ ষ্টেচনত লাগিলত অসংখ্য যাত্ৰী গাড়ীৰ পৰা নামিল। ষ্টেচনৰ ভিৰ বৰ বেচি। গোটেই ষ্টেচন লোকাৰণ্য—অহা আহিছে, যোৱা গৈছে, খাপ লোৱাই খাপ লৈ আছে। ঘোঁৰাৰ গাড়ী, মানুহৰ গাড়ী, মটৰকাৰ, বাচ, মুটিয়া আদিৰ লেখজোখ নাই। বিশ্ৰামঘৰত কেইখনমান চাহৰ আৰু চিগাৰেট খিলি তামোলৰ দোকান আছে। ফেৰিৱালাই চাহপান, বৰফ, লিমনেড, ৰুটি, মিঠাই, খিলি তামোল, চিগাৰেট, আদি লৈ কাক লাগে সুধি চিঞৰি ফুৰিছে। দৈনিক বাতৰি কাকত আৰু কিতাপ বেচোঁতাৰ অভাৱ নাই। এই জনতাৰ শাস্তি ৰক্ষা কি ভঙ্গ কৰিবলৈ জনচেৰেক ৰেলৱে পুলিচ ঘূৰিছে। চাৰিওফালে ভয়ানক কোলাহল মাথোন শুনা যায়।

 ষ্টেচনৰ প্লেটফৰ্মত এজন চাহাবী সাজ-পাৰ পিন্ধা মানুহ আগৰে পৰা থিয় হৈ আছিল; তেওঁ ব্যস্তভাবে কাৰবালৈ অপেক্ষা কৰিছিল। ৰেল আহি ষ্টেচন পালত তেওঁ গাড়ীবোৰত চকু ফুৰালে; মধ্যমশ্ৰেণীৰ যাত্ৰী এযোৰাৰ ওপৰত তেওঁৰ দৃষ্টি পৰিল। যাত্ৰী দুজন গাড়ীৰ পৰা নামিলতে তেওঁ ওচৰ চাপি গৈ তেওঁলোকক আগ বঢ়াই আনিলে; মালৰ টোপোলা, বাকচ আৰু বেগটো মুটিয়াৰ কান্ধত তুলি দিলে। মুটিয়াই মালখিনি আনি গাড়ীত তুলি দিলত তেওঁ তাক চৰতীয়া এটা দি বিদায় দিলে আৰু যাত্ৰী দুজনৰে সৈতে গাড়ীত উঠি কচোৱানক ক'লে—“মুক্তাৰাম বাবুৰ লেন, ১১৮ নম্বৰ বাড়ী।”