পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰাদ্ধ

কথা বিশ্বাস কৰিবই লাগিব। ভগৱানৰ ওচৰতত প্ৰাৰ্থনা কৰো যেন এই কথাই সত্য হয়। কিন্তু বৌ, এটা কথা কৈ থও, যাৰ মৃত্যু হয় তাৰহে শ্ৰাদ্ধ হ’ব পাৰে।

 এই কথা কৈ ঊষাই এটা হাঁহি মাৰিলে, এই হাঁহিত বৌৱেকৰ মুখ শুকাই গ’ল। সৰ্ব্বনাশ! তেনেহলে উষাই তেওঁলোকৰ গোপনীয় কথা গম পাইছে নেকি?

 এইখিনিতে অলপ আগৰ কথা কোৱাৰ আৱশ্যক। ঊষাৰ বয়স যেতিয়া এঘাৰ বছৰ হৈছিল, তেতিয়াৰে পৰা বাপেকে ঊষাৰ বিয়াৰ নিমিত্তে যত্ন কৰি আহিছে, কিন্তু তেওঁৰ মনোৰথ সিদ্ধ হোৱা নাই। প্ৰথমেই দীনবন্ধুৰ লগত ঊষাৰ বিয়া দিবলৈ তেওঁ বিশেষ ভাবে চেষ্টা কৰিছিল; কিন্তু কেইবাটাও কাৰণত দীনবন্ধুৱে বিয়া কৰাবলৈ অস্বীকাৰ কৰিলে। প্ৰথমতে — তেওঁৰ বিবেচনাত তেওঁৰ অৱস্থা বিয়া কৰাবৰ উপযুক্ত নাছিল। দ্বিতীয় — তেওঁ কৰালেও অন্ততঃ চৈধ্য বছৰৰ কম বয়সীয়া ছোৱালী বিয়া নকৰায়। তেনে ছোৱালী বিবাহৰ কন্যা হবৰ উপযুক্ত বুলি তেওঁ বিবেচনা নকৰে, আৰু আয়ুৰ্ব্বেদ বা ডাক্তৰী শাস্ত্ৰয়ো তেওঁৰ মত সমৰ্থন কৰে। তৃতীয়তঃ— আগলৈ তেওঁ বিয়া কৰাব নে নকৰায়, আৰু কৰালে কাক কৰাব, সেইটো নিৰ্দিষ্ট সময়ত ওলোৱাৰআগেয়ে তেওঁ ঠিক কৰিব নোখোজে। ঊষাৰ ককায়েক আৰু পিতাকে কোনো মতেই দীনবন্ধুৰ মত পৰিবৰ্ত্তন কৰিব নোৱাৰিলে। অকল তেওঁলোকেই নহয়, দীনবন্ধুৰ লগত সদ্ভাৱ থকা বহুত ডাঙৰ মানুহেও ঊষাৰ পিতাকৰ খাটনিত আহি তেওঁক বৰকৈ ধৰিছিল; কিন্তু কোনেও তেওঁৰ মত লৰাব নোৱাৰিলে। উমাকান্তই যদিও তেওঁৰ মতামত প্ৰকাশ কৰি দীনবন্ধুক বিবাহৰ নিমিত্তে উপদেশ দিছিল, তথাপি তেতিয়া বিয়া কৰাবলৈ টানি ধৰা নাছিল, কিয়নো, কাৰো অনুৰোধে যে দীনবন্ধুৰ মত লৰাব নোৱাৰে সেইটো তেওঁৰ ভালকৈ জনা আছিল।

– ২১৯ –