পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৭১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


গ্ৰেপ্তাৰ আপােনাৰ পশু-চৰিত্ৰৰ পৰিচয় দিছিল, আৰু এতিয়া সকলাে কথা অস্বীকাৰ কৰি নিজক মিছলীয়া বুলি প্ৰমাণ কৰিছে। দীনবন্ধু দুখােজমান যাওঁতেই জ্ঞানেন্দ্রই আগভেটি ধৰি হাত যােৰ কৰি ক’লে,—“মােক এই বাৰলৈ ক্ষমা কৰক।” | দীন-দোষ স্বীকাৰ কৰিলে আৰু সেই দোষ ক্ষমাৰ যােগ্য হলে ক্ষমা কৰিব পাৰি ; কিন্তু যি মিছা কৈ দোষ ঢাকিব খােজ, তাক কেতিয়াও ক্ষমা কৰা উচিত নহয়। মই এতিয়া সকলাে কথা চাহাবক কম, তাৰ পিচত আদালতৰ আশ্ৰয় লৈ যি কৰিব পাৰি কৰিম। জ্ঞানেন্দ্রই দীনবন্ধুৰ ভৰিত ধৰি ক'লে,-“আপুনি মােক ৰক্ষা কৰক।” দীন-কৰ্তব্যৰ ওচৰত দয়া-মায়া নাই। আপুনি যদি দোষ স্বীকাৰ কৰি অনুতাপ কৰিলেহেঁতেন, তেনেহলে কিজানি ক্ষমা কৰিব পাৰিলো- ৱেইহেঁতেন। কিন্তু এতিয়া আপুনি মিছা কথা কৈ দুগুণ শাস্তিৰ যােগ্য। হৈছে মাথােন। জ্ঞান—আপুনি মােক অভয় দিলে সকলাে কথা ক’ব পাৰে। দীন—আপােনাৰ কথা শুনাৰ আগেয়ে মই প্রতিজ্ঞা কৰিবলৈ সাজু নহওঁ। | জ্ঞানেন্দ্র—শুনক মােৰ কথা,-মােৰ নাম জ্ঞানেন্দ্রনাথ রায়। ৰমণীমােহন দত্ত কোন মই ক’ব নােৱাৰে। তেওঁ দিয়া জাননীও মই দেখা নাই। লক্ষ্মীকান্ত মােৰ সহপাঠী আৰু বন্ধু বুলি আপুনিও কিজানি জানে; তেওঁৰ লগত মােৰ প্ৰায়েই চিঠিপত্র চলি থাকে। পূজাৰ সময়ত তেওঁৰ পৰা এখন চিঠি পালোঁ; তাত লিখিছিল,-“বন্ধু, শেহত এটা প্রকৃত বন্ধুৰ কাম কৰিবলৈ খাটনি ধৰিব খুজিছো। মােক এজনী তিৰােতাই অপমান কৰিলে। মই প্রতিশােধ ল'ম বুলি