দিনৰ ঘটনাৱলী পুনঃ পুনঃ মনত পৰিবলৈ ধৰিলে; কিন্তু কোনো মতেই তাৰ মীমাংসা হৈ নুঠিল।
ৰাতিপুৱা সোনকালে তেওঁ শোৱাৰ পৰা উঠিল; তেওঁ যোৱাৰ পিচত সভাত কি হ’ল, তাক জানিবলৈ তেওঁ বৰ উদ্বিগ্ন হৈছিল। তেওঁ প্ৰাতঃকৃত্য শেষ কৰি এবাৰ উমাকান্তক বিচাৰি যাবলৈ ওলাল; এনেতে প্ৰভাৱতীৰ পৰা এখন দীঘলীয়া চিঠি পালে। চিঠিত দীনবন্ধুৱে জানিব খোজা সকলো কথাৰ বিস্তৃত বিবৰণ আছিল আৰু দীনবন্ধুৰ যি কাৰণত সভাৰ পৰা যাব লগা হৈছিল, তাৰ সবিশেষ বাতৰিও সোধা হৈছিল; চিঠিখনত এটা আকুলতাৰ ভাব ব্যক্ত হৈ পৰিছিল। সামৰণিত লিখিছিল, — “আপোনাক মই অন্তৰেৰে সৈতে শ্ৰদ্ধা-ভক্তি কৰোঁ; আপুনিও মোক মৰম কৰে; সেই কাৰণে আপুনি মোক আপুনি বুলি সম্বোধন কৰাত কেনেবা কেনেবা লাগে। যদি আপোনাৰ কোনো আপত্তিৰ কাৰণ নাথাকে, তেনেহলে মোক এতিয়াৰ পৰা তুমি বুলি সম্বোধন কৰিলে সুখী হ’ম।”
চিঠিখন পঢ়ি সভাৰ শেষ ফল জানিব পাৰি দীনবন্ধুৰ বুজিবলৈ বাকী নাথাকিল — কাৰ ষড়যন্ত্ৰত তেওঁ আঁতৰ হ’ব লগা হৈছিল। বিদ্যালয়ৰ সম্পৰ্কৰ পৰা তেওঁক নিলগাই ৰখাই যে সেই মিছা চিঠিৰ উদ্দেশ্য আৰু সেই উদ্দেশ্যৰ লগত যে ষড়যন্ত্ৰকাৰীদলৰ কিবা নীচ স্বাৰ্থ জড়িত আছে, সেইটো তেওঁ অনুমান নকৰি নোৱাৰিলে। তেওঁ বৰ দুখিত হ’ল। তেওঁক আঁতৰ কৰাৰ বাবে তেওঁৰ বিশেষ অসন্তোষৰ কাৰণ নাছিল; কিন্তু তেনে কৰাৰ পৰা যদি স্কুলৰ উদ্দেশ্য সিদ্ধি নহয়, তেনেহলে যে তেওঁৰ বহুদিনীয়া সাধনা অথলে যাব; ভৱিষ্যতলৈকে ৰাইজৰ কাম কৰাত ব্যাঘাত জন্মিব।
তেওঁ অলপ সময় চিন্তা কৰি প্ৰভাৱতীলৈ তলত দিয়া চিঠিখন লিখিলে। —