পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
ঘৰুৱা শিক্ষক

ৰম্ভাই আগেয়ে হাত দুটাত ধৰি ক’লে, :— “যদি আপুনি স্থিৰ হৈ নবহে, তেন্তে মই হলে ওলাই গুচি যাম।”

 “নাযাবা, মই বহোঁ, তুমি নাযাবা” এই বুলি উকীল আকৌ আগৰ আসনতে বহিল আৰু আগৰ দৰেই ৰম্ভালৈ চাই থাকিল!

ৰম্ভাই ক’লে, — “মই এটা কথা বুজা নাই; আপুনি যে প্ৰভা প্ৰভা কৰিছিল তাই নো কোন?”

 উকীল — Damned vagabond ঘৰ-বাৰী নোহোৱা কৰবাৰ খাবলৈ নোপোৱা তিৰুতা এজনী। তাই হেনো ইয়াত বালিকা-স্কুল পাতিবলৈ আহিছে। ইয়ালৈ অহা আজি এসপ্তাহ হৈছে বুলি শুনিছোঁ। এই কেইদিন ঘৰে ঘৰে ঘূৰি ফুৰিছে আৰু বৰঙনি তুলি স্কুল এখন পাতি দিব লাগে বুলি সকলোকে ধৰিছে। আজি মোৰ তালৈকো আহিছিল।

 ৰম্ভা — আপুনি কি ক’লে?

 উকীল — মই কি ক’ম? মই কলোঁ বোলো এতিয়াও ইয়াত তেনে স্কুলৰ আৱশ্যকেই হোৱা নাই।

 ৰম্ভা — পিচে তাই কি কলে?

 উকীল — তাই ক’লে বোলে এখন ৰাজহুৱা সভাকে পাতি দিয়ক, মই নিজে এবাৰ চেষ্টা কৰি চাওঁ।

 ৰম্ভা — পিচে?

 উকীল — মই ক’লোঁ বোলে মোৰ দ্বাৰা একো নহয়। তাৰ লগতে সিবেলি তোমাক এখন স্কুল পাতি দিবলৈ কেনেকৈ যত্ন কৰিছিলোঁ আৰু কৈনেকৈ জাননী দিও মানুহকে গোটাব নোৱাৰিলোঁ, তাকো কলোঁ।

 ৰম্ভা — তাই তেতিয়া কি কলে?

 উকীল — তাই নো আৰু কি ক’ব! কন্দনামুৱা হৈ গুচি গ’ল। ৰম্ভাৰ মুখত হাঁহি বিৰিঙিল; কিন্তু পিচ মুহূৰ্ত্ততে গহীন হৈ কলে, :—

— ২৯ —