পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৭৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সাধনা দীন—এৰা, মই আৰু পলম কৰিব নােৱাৰে। ইয়াৰ ভিতৰতে কোন ক’ত মৰিছে ঠিক নাই। তই মােলৈ বাট চাব নালাগে। মই যদি আহিব পাৰে কৰ্কৰা ভাতকে খাম, আহিব নােৱাৰিলে খােৱা নহবই। গঙ্গাই কলনামুৱা হৈ ক'লে,-“আজি দহ-বাৰদিনৰ পৰা দেউতাই খােৱা-বােৱাও এৰিলে। এনেকৈ ভােকেলঘােনে কাম কৰিলে শৰীৰ থাকিব কেইদিন? এতিয়াই বেমাৰী মানুহৰ নিচিনা দেখা হৈছে। দীন-দুখীয়া মানুহৰ দুই-এসাজ ঘােন হৈয়েই থাকে ; তাৰ পৰা একো নহয়। এই বুলি দীনবন্ধুৱে গঙ্গাৰ পিঠিত চপৰিয়াই তাক সান্ত্বনা দি যাবলৈ ওলাল। =১৭২