পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৮৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


হেঁপাহেৰে যাচি দিয়া অধৰ-অমিয়া পিয়াঁ,
 হিয়াতে মিলাই হিয়া হও একাকাৰ।

 গীত শেষ হ’ল; জ্ঞানেন্দ্ৰই মন্ত্ৰমুগ্ধৰ দৰে কাণেৰে সেই মোহন সুৰৰ, আৰু চকুৰে গায়িকাৰ ৰূপ-সুধাৰ আস্বাদ গ্ৰহণ কৰি বিশ্ব-ব্ৰহ্মাণ্ড পাহৰি গ’ল; পূজাৰিণীৰ অঞ্জলি গ্ৰহণ কৰিলে।

 ৰম্ভা জ্ঞানেন্দ্ৰৰ লগত থাকিল। ইয়াৰ ভিতৰত তেওঁ প্ৰায় দিনৌ থিয়েটাৰ চাবলৈ গৈছিল। থিয়েটাৰত ভাও দিয়া নায়ক-নায়িকাৰ পৰা কিছুমান ভাব-ভঙ্গী শিকি লৈছিল, অভিনেত্ৰীৰ সাজ-পাৰ দেখি আৰু দৰ্শকৰ প্ৰশংসা শুনি তেনে হবলৈ পোৱাটো ৰম্ভাই বৰ ভাগ্যৰ কথা বুলি ভাবিছিল, আৰু মনতে নানা প্ৰকাৰ সুখকৰ কল্পনাও কৰিছিল। দুদিনমান ইডেন গাৰ্ডেন চাবলৈ গৈছিল, তাত ‘হাৱা’-খোৱা চাহাব- মেমহঁতক দেখি তেনে জীৱন কেনে সুখৰ তাকেই দিন-ৰাতি ভাবিছিল। ইয়াৰ বাহিৰেও এদিন কি দুদিন বায়োস্কোপ চাইছিল।

 এনেকৈয়ে ৰম্ভা জ্ঞানেন্দ্ৰৰ ঘৰত দুসপ্তাহ থাকিল। এই কেইটা দিন ৰম্ভাই বিশেষ ৰকমৰ আমোদ-আহ্লাদত কটাব পাৰিছিল।

 পহিলা জানুৱাৰীৰ দিনা ৰম্ভা কামত ভৰ্ত্তি হ’ল, আৰু সেই দিনাই মিশ্যন স্কুলৰ বোৰ্ডিঙলৈ বাসস্থান লৰাব লগাত পৰিল। জ্ঞানেন্দ্ৰৰ আৰু কিছু দিন ৰম্ভাক তেওঁৰ লগত ৰাখিবলৈ ইচ্ছা আছিল, কিন্তু ঝিজনী ইয়াৰ ভিতৰতে বৰকৈ বিৰক্ত হৈ উঠাত তেওঁ সেই ইচ্ছা পৰিত্যাগ কৰাত পৰিল। তাই প্ৰথমৰে পৰা ৰম্ভাক সতিনীৰ চকুৰে চাইছিল, আৰু ৰম্ভাক সোনকালে পঠিয়াই দিবলৈ জ্ঞানেন্দ্ৰক পুনঃ পুনঃ কৈছিল। জ্ঞানেন্দ্ৰই পহিলা তাৰিখলৈকে নাৰাখিলেই নহয় বুলি বিশেষভাবে বুজাই কোৱাত হে তাই এই কেইদিন অপেক্ষা কৰিলে। পহিলা জানুৱাৰীৰ দিনা পুৱাতেই তাই জ্ঞানেন্দ্ৰক ক’লে,—“আজি