সাধনা
চিন্তাত কটাবলৈ ধৰিলে। কেতিয়াবা ভাবে,—“মই আজি জগতৰ ঘৃণনীয়া, তিৰোতাই কৰিব পৰা এনে কোনো কাম নাই, যিটো মই কৰা নাই। কিন্তু ইয়াৰ বাবে দায়ী কোন? —মোৰ শিক্ষা, আৰু মোৰ অভিভাৱক। মোৰ অভিভাৱকে যদি ধনবস্তুৰ লোভত মোৰ অধঃপতনৰ বাট মুকলি কৰি নিদিলেহেঁতেন, চকুৰ আগত কুৎসিৎ আদৰ্শ ডাঙি নধৰিলেহেঁতেন, তেনেহলে কেতিয়াও মোৰ এনেকুৱা পতন নহলহেঁতেন। আকৌ শিক্ষা। বৰ্ত্তমান শিক্ষাই কামনাৰ জুইত ঘিউ ঢালে মাথোন। ইয়াত সংযমৰ গোন্ধ নাই। মই যদি শিক্ষা নাপালোঁহেঁতেন, তেনেহলেও কিজানি আজি এনেকৈ ভ্ৰষ্টা নহলোঁহেঁতেন।”
লাহে লাহে ৰম্ভাৱতীৰ শৰীৰ নানা ৰোগৰ ভঁৰাল হ’ল; ৰূপ- যৌৱন সকলোৱে এৰা দিলে; কোনো কথা মনত নোৰোৱা হ’ল; একোৱেই ভাল নলগাত পৰিল, আগৰ হাঁহি-ধেমালিয়ে চিৰদিনৰ নিমিত্তে বিদায় ল’লে।
কিছুমান দিনৰ মূৰত এদিন ৰম্ভা ৰূপৰ বজাৰৰ পৰা অদৃশ্য হ’ল। কোনে জানে তেওঁ কলৈ গ’ল।
—৩৮৪—