পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দীনবন্ধুৰ ভালপােৱা

প্ৰভাৱতীৰ উত্তৰত দীনবন্ধু যেন অলপ বিচলিত হ’ল। প্ৰভাই এনে ধৰণৰ উত্তৰ ইমান দিনে দিয়া নাছিল। তেওঁ ভাবি স্থিৰ কৰিলে—সম্ভৱতঃ সেই বঙালীজনৰ লগত বিবাহ স্থিৰ হৈছে, সেই দেখি কিবা সন্দেহ কৰে বুলি দীনবন্ধুলৈ চিঠি লিখিবলৈকো তেওঁ ভয় কৰিছে। তেওঁ বহুত বেলি নিজৰ মনতে কিবা-কিবি ভাবিলে, তাৰ পিচত তেওঁৰ কবিতাৰ বহি খন উলিয়াই তাতে এই কবিতাটো লিখিলেঃ–

ভাবিছা হবলা তুমি  নিলগাবা মোক
 থাকি মোৰ চকুৰ আঁৰত;
নেদেখাত পাহৰণি  ঘটিব আপুনি
নিজে নিজে কালৰ সোঁতত?
মিছা কথা, জীৱনত  নোৱাৰে ঢুকাব,
ভালপোৱা একেৰাহে বোৱা ,
অনন্ত আত্মাৰস’তে  একেলগে গঁথা,
অন্ত তাৰ কদাপি নোপোৱা।
যদিও আঁতৰি থাকা ঘিণ   কৰি মোক,
অপৰক বিলোৱা প্ৰণয়;
পাৰিবা নে নিলগাব   ভালপোৱা মোৰ
কৰি মোৰ হিয়া মৰুময়?
নোৱাৰিবা কদাচিতো;   ভালপোৱা মোৰ
আছে হৈ প্ৰাণে-স’তে লয়;
ভাল পাওঁ,—ভাল পাই  ভাল লাগে মোৰ,
পণ মোৰ নহয় প্ৰণয়।
থাকা যদি নিলগত  আপোন মনেৰে,
কেতিয়াও নকৰোঁ আমনি;

-১৮৫-