সাধনা
ৰম্ভা—কিয়?
আব্দুল—তুমিতাে জানা দোকানখন মােৰ নহয়। মহাজন ঘৰুৱা জঞ্জালৰ কাৰণে দেশলৈ গৈ আহিব পৰা নাছিল ; সেই দেখি আজি ছমাহ ময়েই মহাজনৰ নামে দোকান চলাই আছিলোঁ। সিদিনা তেওঁৰ পৰা চিঠি পাইছোঁ, তেওঁ হেনাে আৰু দুসপ্তাহৰ মূৰত আহিব। তেওঁ আহিলেই মই পলাব লাগিব।
ৰম্ভা—কিয়? কিয় ?
আব্দুল—তােমাক বােধকৰোঁ নকলেও হ'ব যে মই ধনী মানুহ নহওঁ। চকি, মেজ, কাপােৰ-কানি, এচেন্স, তেল, ঘৰি, হাৰ্ম্মোনিয়ম প্রভৃতি যিবােৰ বস্তু মই তােমাক দিছো সেই আটাইবােৰ মহাজনৰ খৰচত। তাৰ উপৰি তােমাৰ হাতত যি পাঁচশ টকা জমা দিছোঁ, সিও দোকানৰ টকা। সেই কথা তােমাক আগেয়েই কৈছিলোঁ। এতিয়া মহাজন আহি হিচাপ ল'লেই সকলাে ধৰা পৰিব। সেই দেখি তেওঁ অহা দিনাই ইয়াৰ পৰা আঁতৰিব লাগিব। তুমি তােমাৰ পূৰ্বৰ প্রতিজ্ঞামতে মােৰ লগত যাবলৈ সাজু হ'ব লাগিব।
ৰম্ভা—নিশ্চয়। তুমি নাথাকিলে মই যে ইয়াত এদিন থাকিব নােৱাৰোঁ। কিন্তু মুঠেই পাঁচ শ টকাৰে চলা যে বৰ টান হ’ব!
আব্দুল—সেইটোৰ এটা দিহা হ’ব । মই এই কেই দিনত আৰু পাঁচশ মান টকা হাত কৰিম। তেতিয়া এক ৰকম চলিব। এঠাইত এখন সৰুসুৰা দোকান দি বহিলেও দুটা মানুহৰ খােৰাকি ওলাব। কিন্তু এটা কথা—তুমি এতিয়াৰে পৰা এনে ভাবে সাজু থাকিব লাগিব, যাতে যেতিয়াই যাব লগা হয়, তেতিয়াই যাব পাৰোঁ।
ৰম্ভা—তাৰ নিমিত্তে কোনাে চিন্তাকে নকৰিবা।
আব্দুল—ঘৰত যদি কোনােবাই আপত্তি কৰে?
ৰম্ভা–মােৰ ইচ্ছাৰ বিৰুদ্ধে কাৰৰ আপত্তি নাখাটে।
-১৫৬-