পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩০৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ৰােগ বা চাই, তাত এখন কাগজ দেখিলে, তাত আগদিনা ৰাতিৰে পৰা জ্বৰৰ জোখ লিখা আছিল। দীনবন্ধুৱে দেখিলে আগ দিনা জ্বৰ ১০২ ডিগ্রী আছিল, এতিয়া ১০৪ ডিগ্ৰালৈ উঠিছে। দীন—আজি কিবা পথ্য দিছিলানে? উষাই মূৰ জোকাৰি নাই বুলি জনালে । দীনবন্ধু বিমোৰত পৰিল। এফালে বাহ্যজ্ঞানশূন্যা ৰােগিণী ; আনফালে বাক্যৰহিতা শুশ্রুষাকাৰিণী। শেহত তেওঁ নিজে ৰােগিণীক পৰীক্ষা কৰি শুশ্রুষা কৰাকেই শ্রেয়ঃ বিবেচনা কৰিলে। উষালৈ চাই ক'লে,-“তুমি অলপমান গাখীৰ তপতাই আনা।” উষা ওলায় গ'ল। দীনবন্ধুৱে ৰােগিণীৰ হাতটোলৈ নাড়ী চালে, নাড়াব স্পন্দন ইমান খৰ যে তেওঁ তাক লেখিবকে নােৱাৰিলে। কপালত হাত দি চালে, ভয়ঙ্কৰ তপত, মূৰৰ পৰা যেন জুইহে ওলাইছে। ৰােগীণীয়ে যদিও ছটফটাই আছিল, তথাপি ক’ত কোন আছে, কি হৈছে, একোকে ক’ব নােৱাৰিছিল। দীনবন্ধুৱে মূৰত পানী দি দি বিচিবলৈ ধৰিলে। এনেকৈ বহুত পৰ চেষ্টা কৰাৰ পাচত প্ৰভাৱতী অলপ সুস্থিৰ হ'ল, আৰু তেওঁৰ সংজ্ঞা আহিল। কিন্তু তেতিয়াও তেওঁ দীনবন্ধুৰ উপস্থিতি অনুভৱ কৰিব পৰা নাছিল, তেওঁৰ মূৰশিতানত আগৰ দৰে উষয়েই বহি আছে বুলিহে ভাবিছিল। প্রায় এঘণ্টামান সময়ৰ মূৰতহে তেওঁ দীনবন্ধুক দেখিলে, লগে লগে এটা লাজ আৰু আনন্দৰ মিহলি সেঁত তেওঁৰ শিৰে শিৰে বৈ গ’ল। অতি ক্ষীণৰেৰে সুধিলে, “আপুনি কেতিয়া আহিল ?” দীন—বেচি সময় হােৱা নাই, এঘণ্টামান হব পাৰে। প্রভা-ভাত পানী খাই আহিছে নহয় ? দীন—এৰা, মই খাই-বৈ আহিছে। প্রভা—এতিয়াই আকৌ যাব নেকি? - ৩০১-