পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩১৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ষােড়শ অধ্যায় বিবাহ-প্ৰস্তাৱ প্ৰভাৱতীৰ জ্বৰ ভাল হােৱাৰ প্ৰায় এপমানৰ পাচত দীনবন্ধুৱে এই চিঠিখন পালে, শ্ৰীচৰণকমলেষু, আজি আপােনাৰ ওচৰত এটা বিশেষ কথা ডাঙি ধৰিব খুজিছে ; যদি কিবা দোষ কৰো, দয়। কৰি যেন ক্ষমা কৰে। কথাটো আজি কেইবা দিনেৰে পৰা কওঁ কওঁকৈ উচপিচাই আছে, কিন্তু কবলৈ সাহ কৰিব পৰা নাই। এতিয়াও আপুনি নির্ভয় দিলেহে কব পাৰে। আপােনাৰ বিবাহৰ বিষয়ে সকলােৱে কোৱা-মেল কৰা শুনিছে, কিন্তু আজিলৈকে বিবাহৰ প্রতি আপােনা আগ্রহ দেখা নাই। মােৰ বােধেৰে আপােনাৰ আদৰ্শৰ অনুৰূপ কন্যাৰ অভাৱ বুলিয়েই আপুনি বিয়া কৰাবলৈ অনিচ্ছুক। মােৰ যদি আপােনাৰ আদর্শ বুজাত ভুল হােৱা নাই, তেন্তে ঠিক সেই আদর্শমতে পাত্রী বিচাৰি দিবলৈ গাত ল'ব পাৰে। | মই এই কথা কওঁতে অকল আপােনাৰ কথা লবলৈ গৈছে বুলি নাভাবিব ; সঁচাকৈয়ে মােৰ বিয়াঘৰীয়া হবৰ বৰ মন গৈছে। উপযুক্ত পত্নীৰ সাহায্য লাভ কৰিলে আপােনাৰ বল-বুদ্ধি বাঢ়িব; আপােনাৰ বহুমূলীয়া সময়ৰ সদ্ব্যৱহাৰৰ নিমিত্তে অধিক সুযােগ মিলিব। সেই কাৰণেই মই সােনকালে আপােনা শুভ পৰিণয়ত যােগ দিবলৈ পাম বুলি বাঞ্ছা কৰিছে।