সাধনা
“দেউতাক বিচাৰি কেইবাবাৰে আহিছিলোঁ। আপুনি যেনে-তেনে এবাৰ আহিব লাগে। আইদেউৰ জ্বৰ বৰ টান হৈছে, মাত-বোল নাই। আপুনি এতিয়াই এবাৰ চাই আহক।”
দীনবন্ধুৱে আৰু পলম নকৰিলে, লিগিৰীজনীৰ লগে লগে প্ৰভাৱতীৰ ঘৰলৈ গ’ল। প্ৰভাৱতীৰ ঘৰত সোমাওঁতে তেওঁৰ বুকুত অস্বাভাৱিক স্পন্দন হৈছিল। যদিও নৰিয়াৰ ওচৰলৈ যোৱাত তেওঁৰ সময় অসময় নাছিল, তথাপি আজি এই ৰাতি প্ৰভাৰ ওচৰলৈ যাব লগা হোৱাত তেওঁ এটা নতুন ধৰণৰ সঙ্কোচ বোধ কৰিছিল।
তেওঁ সোমাই যাওঁতেই কোনোবা হঠাৎ তাৰ পৰা ওলাই গ’ল, লিগিৰীজনীয়ে প্ৰভাৰ শয্যাৰ ওচৰতে তেওঁক বহিবলৈ চকি এখন দিলে।
দীনবন্ধুৱে লিগিৰীজনীক সুধি ৰোগৰ বিশেষ বিবৰণ একো নাপালে, মাত্ৰ ইয়াকে শুনিলে যে ডাক্তৰে দৰব এটা তিনি ঘণ্টাৰ আঁতৰে আঁতৰে খুৱাবলৈ দিছে। দীনবন্ধুৱে বৰ আহুকাল বোধ কৰিলে। প্ৰভাৰ ভায়েকটোও তেতিয়া আন এখোটালিত শুই আছিল। দীনবন্ধুৱে লিগিৰীজনীক সুধিলে,—“মই সোমাওঁতেই কোনোবা ওলাই যোৱা দেখিলোঁ, তেওঁ কোন?”
লিগিৰী—তেওঁ সৰু আইদেউ। কালিৰে পৰা ইয়াতে আছে। তেওঁ নথকা হলে বিপদেই হ’লহেঁতেন। আমি একোৰে ভু-ভা নাপাওঁ।
দীন—তেওঁক এবাৰ মাতিব পাৰা নে?
লিগিৰীয়ে মাতিবলৈ নৌ পাওঁতেই এখোজ আগলৈ এখোজ পাচলৈ কৰি অৱনতমুখী উষা চাপি আহিল, কিন্তু দুৱাৰদলিৰ পৰা আগ নাবাঢ়িল। দীনবন্ধুৱে উষাক ৰোগিণীৰ অৱস্থাৰ কথা সুধিলে, উষাই
উত্তৰত মেজলৈ আঙুলিয়াই দেখুৱালে মাথোন। দীনবন্ধুৱে মেজলৈ
-৩৭০-